ৰঙিয়াত শ্ৰীশ্ৰী বিশ্বকৰ্মা মন্দিৰৰ সোণালী জয়ন্তী মহোৎসৱ

ৰঙিয়াত শ্ৰীশ্ৰী বিশ্বকৰ্মা মন্দিৰৰ সোণালী জয়ন্তী মহোৎসৱ

author-image
Asomiya Pratidin
New Update
ৰঙিয়াত শ্ৰীশ্ৰী বিশ্বকৰ্মা মন্দিৰৰ সোণালী জয়ন্তী মহোৎসৱ

ডিজিটেল সংবাদ, ৰঙিয়া : ৰঙিয়া তিনিআলিৰ বাৰোৱাৰী শ্ৰীশ্ৰী বিশ্বকৰ্মা নৱনিৰ্মিত মন্দিৰৰ শুভ উদ্বোধন আৰু সোণালী জয়ন্তী মহোৎসৱটি দেওবাৰে অনুষ্ঠিত হয়। সোণালী জয়ন্তী উৎসৱৰ মুখ্য পতাকা উত্তোলন কৰে বিধায়ক ভৱেশ কলিতাই।

উল্লেখ্য যে সোণালী জয়ন্তী উপলক্ষে কলহ যাত্ৰা উলিওৱা হয়। এই যাত্ৰাত শতাধিক মহিলাই অংশগ্ৰহণ কৰে। ইফালে এই কলহ যাত্ৰা বিশ্বকৰ্মা মন্দিৰৰ পৰা আৰম্ভ হৈ বাছ ষ্টেণ্ড হৈ শিৱ মন্দিৰ ঘাটত পানী তুলি পিছত পুনৰ বিশ্বকৰ্মা মন্দিৰত আহি সামৰণি পৰে।

সন্ধিয়া স্থানীয় আয়তীৰ নাম প্ৰসংগ আৰু নিশা নাগাৰা নাম পৰিৱেশন অনুষ্ঠিত হ'ব বুলি পৰিচালনা সমিতিয়ে জনায়। উল্লেখ্য যে আজিৰে পৰা তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে নৱনিৰ্মিত ৰঙিয়া বাৰোৱাৰী শ্ৰীশ্ৰী বিশ্বকৰ্মা মন্দিৰৰ সোণালী জয়ন্তী মহোৎসৱ অনুষ্ঠিত কৰা হৈছে।

Also Read: এই মাহতেই বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিব দুটা মহাজাগতিক পৰিঘটনা

Sri Sri Vishwakarma Puja rangia