কাছাৰৰ মাণিকপুৰত ২০ হাজাৰ নিচাজাতীয় য়াবা টেবলেট জব্দ...

কাছাৰৰ মাণিকপুৰত ২০ হাজাৰ নিচাজাতীয় য়াবা টেবলেট জব্দ...

author-image
Asomiya Pratidin
New Update
কাছাৰৰ মাণিকপুৰত ২০ হাজাৰ নিচাজাতীয় য়াবা টেবলেট জব্দ...

কাছাৰৰ মাণিকপুৰত ২০ হাজাৰ নিচাজাতীয় য়াবা টেবলেট জব্দ...

ডিজিটেল সংবাদ শিলচৰ: ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত আছে। দেওবাৰে মানিকপুৰ এলেকাত অভিযান চলাই বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰা হয়। অৰুণাচল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুশান্ত বৰুৱাৰ নেতৃত্বত আৰক্ষী আৰু চি আৰু পিৰ ১৪৭ নম্বৰ বেটেলিয়নৰ দল এটাই মানিকপুৰ- ৰাজনগৰ গাঁৱত অভিযান চলাই জব্দ কৰা হয় ২০ হাজাৰ নিচাজাতীয় য়াবা টেবলেট।

Advertisment

এজন ড্ৰাগছ ব্যৱসায়ীৰ ওচৰত বিক্ৰী কৰাৰ সময়ত হাতেলোটে আৰক্ষীয়ে জব্দ কৰে টেবলেটখিনি।‌ জব্দকৃত য়াবা টেবলেটখিনিৰ মূল্য ৪ কোটি টকা বুলি সদৰি কৰিছে আৰক্ষীয়ে।

টেবলেট সৰবৰাহৰ অভিযোগত দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়। ধৃত সৰবৰাহকাৰী দুজন চামছুদ্দিন বৰভূঞা (৩০) আৰু চামীম আহমেদ বৰভূঞা (৩০)। দুয়োজনৰ ঘৰ বৰখলাৰ ৰাজনগৰ- মাণিকপুৰত।

চামছুদ্দিন বৰভূঞা আৰু চামীম আহমেদক গ্ৰেপ্তাৰ কৰা হয় যদিও ঘৰৰ গৰাকী তথা ড্ৰাগছ ব্যৱসায়ী পলাই যাবলৈ সক্ষম হয়। বৰ্তমান শিলচৰ সদৰ থানাত জেৰা অব্যাহত ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনক।

Also Read: নগাঁৱৰ ৰাঙুলত দুই ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ

কাছাৰ ড্ৰাগছ সৰবৰাহ