শিলচৰৰ বেৰেংগাত নিচা জাতীয় টেবলেটসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ...

শিলচৰৰ বেৰেংগাত নিচা জাতীয় টেবলেটসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ...

author-image
Asomiya Pratidin
New Update
শিলচৰৰ বেৰেংগাত নিচা জাতীয় টেবলেটসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ...

শিলচৰৰ বেৰেংগাত নিচা জাতীয় টেবলেটসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ...

ডিজিটেল সংবাদ শিলচৰঃ শিলচৰ আৰক্ষীয়ে নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰে। শিলচৰ টাউন ব্ৰাঞ্চৰ আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত অভিযান চলাই মধুবন্দৰ বেৰেংগাৰ পৰা এই টেবলেটসমূহ জব্দ কৰে।

Advertisment

এই অভিযানত ২০ হাজাৰ নিচাজাতীয় "য়াবা" টেবলেট জব্দ কৰাৰ উপৰিও দুজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হয়। ধৃত দুজন হৈছে মধুৰবন্দ বাকৰশ্বাহ মোকাম এলেকাৰ চিপ্পু উদ্দিন লস্কৰ (৩০) আৰু বেৰেংগা দ্বিতীয় খণ্ডৰ সাজাদুল আলী লস্কৰ (৩০)।

আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে, এখন স্কুটীত দুজন ড্ৰাগছ ব্যৱসায়ীয়ে বৃহৎ সংখ্যক "য়াবা" টেবলেট বিক্ৰীৰ বাবে মধুৰবন্দ অঞ্চললৈ লৈ আহিছিল। গোপন তথ্যৰ ভিত্তিত এই তথ্য লাভ কৰাৰ পিছত সদৰ থানাৰ টি এছ আই পঞ্চম আমছিয়ে দলবল লৈ মধুৰবন্দ বেৰেংগা অঞ্চলত নাকা চেকিঙ বহুৱায়।

নাকা চেকিঙৰ সময়ত এখন স্কুটিৰ পৰা য়াবা টেবলেট ভৰ্তি কেইবাটাও পেকেট উদ্ধাৰ কৰা হয়। পেকেটসমূহৰ পৰা মুঠ ২০ হাজাৰ "য়াবা" টেবলেট জব্দ কৰা হৈছে। টেবলেট জব্দ কৰাৰ উপৰিও চিপ্পু আৰু চাজাদুলক গ্ৰেপ্তাৰ কৰা হয়।

ইয়াৰ সমান্তৰালকৈ টেবলেট সৰবৰাহ কৰা স্কুটীখনো জব্দ কৰা হয়। সূত্ৰটোৱে জনোৱা মতে, জব্দ কৰা টেবলেটসমূহৰ মূল্য কেইবা লাখ টকা হ’ব। টেবলেট সমূহ শিলচৰৰ এজন ব্যক্তিৰ ওচৰলৈ বিক্ৰীৰ বাবে অনা হৈছিল বুলি কোৱা হৈছে।

ইফালে, গ্ৰেপ্তাৰৰ পিছত মঙলবাৰে আৰক্ষীয়ে চিপ্পু উদ্দিন আৰু ছাজাদুলক আদালতত হাজিৰ কৰে। আদালতৰ অনুমতি সাপেক্ষে আৰক্ষীয়ে তেওঁলোকক তিনিদিনৰ বাবে নিজৰ জিম্মাত লয়।

Also Read: কলিয়াবৰৰ হাতীগাঁও চাহ বাগিছাত বন্য হস্তীৰ আক্ৰমনত নিহত দুজন...

ড্ৰাগছ সৰবৰাহ