ডিঙি কটা অৱস্থাত মাদ্ৰাছাৰ ভিতৰত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ...

কাছাৰৰ ধলাইত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। দেওবাৰে পুৱাৰ ভাগত মাদ্রাছাৰ হোষ্টেলত উদ্ধাৰ হয় এজন ছাত্ৰৰ মৃতদেহ।

author-image
Asomiya Pratidin
New Update
ডিঙি কটা অৱস্থাত মাদ্ৰাছাৰ ভিতৰত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ...

ডিজিটেল ডেস্কঃ কাছাৰৰ ধলাইত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। দেওবাৰে পুৱাৰ ভাগত মাদ্রাছাৰ হোষ্টেলত উদ্ধাৰ হয় এজন ছাত্ৰৰ মৃতদেহ। ডিঙি কটা অৱস্থাত উদ্ধাৰ ছাত্ৰগৰাকীৰ মৃতদেহ।

Advertisment

নিহত ছাত্রগৰাকীৰ নাম ৰবিজুল হুছেইন লস্কৰ বুলি জানিব পৰা গৈছে। ধলাই হাওয়াইথাং দাৰুছ ছালাম হাফিজিয়া মাদ্রাছাত সংঘটিত হৈছে এই ঘটনা। ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ আৰক্ষী অধীক্ষকৰ।

সোধপোছৰ বাবে ইতিমধ্যে আটক ৰবিজুলৰ কোঠাৰ ২০জন সহপাঠীক। কি কাৰণে এই ঘটনা সংঘটিত হয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আৰক্ষীৰ।

Also Read: স্বাস্থ্য সেৱাৰ নামত অসমত সৰ্বাধিক লুটপাত...

Assam police crime