ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে দেওবাৰৰ পৰা শিলচৰত 'শ্ৰীমদ্গভাগৱত সপ্তাহ'...

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে দেওবাৰৰ পৰা শিলচৰত 'শ্ৰীমদ্গভাগৱত সপ্তাহ'...
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে দেওবাৰৰ পৰা শিলচৰত 'শ্ৰীমদ্গভাগৱত সপ্তাহ'...

ডিজিটেল সংবাদ শিলচৰঃ অহা ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰিবলৈ ইতিমধ্যে দেশ জুৰি প্ৰস্তুতি তুংগত উঠিছে। এই উপলক্ষে বিভিন্ন ৰাজ্যত আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচী।

ব্যতিক্ৰম নহয় শিলচৰও। ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে দেওবাৰৰ পৰা শিলচৰত সপ্তাহ জুৰি আৰম্ভ হৈছে শ্ৰীমদ্গভাগৱত সপ্তাহ।

মেহেৰপুৰত এক বিশাল পেণ্ডেলত দেওবাৰে সন্ধিয়াৰ পৰা আৰম্ভ হ'ব এই শ্ৰীমদ্গভাগৱত সপ্তাহ কথা। এই শ্ৰীমদ্গভাগৱত সপ্তাহ কথা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কেবা জনো সাধু-সন্ত আৰু স্বামিজী উপস্হিত হৈছে।

ইয়াৰ পূৰ্বে ৰাতিপুৱা শিলচৰত এক বিশাল কলহ আৰু শোভাযাত্ৰা উলিওৱা হয়। সহস্ৰাধিক মহিলাই হাতত কলহ লৈ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেবাজনো সাধু সন্তৰ লগতে শ্ৰীৰাম ভক্ত কেবা শ যূবকে বাইক ৰেলিত অংশগ্ৰহণ কৰে।

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে দেওবাৰৰ পৰা শিলচৰত 'শ্ৰীমদ্গভাগৱত সপ্তাহ'...
গ্ৰন্থমেলা বাকৰিত দিপেন ভৰালীৰ কাব্যগ্ৰন্থ উন্মোচন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in