গ্ৰন্থমেলা বাকৰিত দিপেন ভৰালীৰ কাব্যগ্ৰন্থ উন্মোচন...

গ্ৰন্থমেলা বাকৰিত দিপেন ভৰালীৰ কাব্যগ্ৰন্থ  উন্মোচন...
গ্ৰন্থমেলা বাকৰিত দিপেন ভৰালীৰ কাব্যগ্ৰন্থ উন্মোচন...

ডিজিটেল সংবাদ গুৱাহাটীঃ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত চান্দমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত অসম গ্ৰন্থমেলা, গুৱাহাটীৰ বাকৰিত আজি প্ৰতিশ্ৰুতিবান কবি তথা সাংবাদিক দিপেন ভৰালীৰ কাব্যগ্ৰন্থ "মহানগৰীৰ কোনটো গলিত হেৰাই গ'লা মনীষা" শুভ উন্মোচন কৰা হয়।

কাব্যগ্ৰন্থখন উন্মোচন কৰি জ্যেষ্ঠ সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰীয়ে কয়- "কাব্য পথাৰখনত চিনাকী নাম দিপেন ভৰালী । কবিতাৰে মাটি মানুহৰ কথা কোৱা ভৰালীৰ কবিতাত সমাজৰ এখন বাস্তৱ ছৱি প্ৰস্ফুটিত হয়। গ্ৰাম্যাঞ্চলৰ জনজীৱন, ইয়াৰ পৰিকাথামা প্ৰকাশত কবি ভৰালীৰ চিন্তা অভিনৱ।"

সাংবাদিক দৰ্শনা বৰুৱাই আঁত ধৰা অনুষ্ঠানত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা সাংবাদিক দীপক শৰ্মাই সভাত অংশ লৈ কয়- "কবিতাৰে মানুহৰ হৃদয় জয় কৰিছে দিপেন ভৰালীয়ে । কবিতাত পুঞ্জিভূত কৰিছে মানুহৰ ব্যথা, মানুহৰ জীৱনবোধ। এদিন দিপেন ভৰালীয়ে কবিতাৰে বিশ্ব জয় কৰিব পাৰিব।"

সভাত এম আৰ পাব্লিকেশ্যনৰ স্বত্বাধিকাৰী অপূৰ্ব কলিতা, সাংবাদিক চন্দন দাস, ৰন্টু নেওগ, চন্দন কলিতা, বসন্ত দাস, হিৰণ্য কুমাৰ বৰ্মন, আব্দুল হালিম, অনুজ শৰ্মা, কবি পত্নী অপৰাজিতা ভৰালী উপস্থিত আছিল । সভাত কবি দিপেন ভৰালীয়ে নিজৰ বক্তব্যত নিজৰ সৃষ্টিৰ অন্তৰালৰ কথা সাৱলীল ভাষাৰে কয় ।

গ্ৰন্থমেলা বাকৰিত দিপেন ভৰালীৰ কাব্যগ্ৰন্থ  উন্মোচন...
নিৰ্দেশনাৰ ভিৰত হেৰাই নিৰ্দেশনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in