পথ দুৰ্ঘটনাত এজন লোকৰ‌ মৃত্যুক কেন্দ্ৰ কৰি কাছাৰত উত্তপ্ত পৰিস্থিতি

পথ দুৰ্ঘটনাত এজন লোকৰ‌ মৃত্যুক কেন্দ্ৰ কৰি কাছাৰত উত্তপ্ত পৰিস্থিতি

author-image
Asomiya Pratidin
New Update
পথ দুৰ্ঘটনাত এজন লোকৰ‌ মৃত্যুক কেন্দ্ৰ কৰি কাছাৰত উত্তপ্ত পৰিস্থিতি

ডিজিটেল সংবাদ, শিলচৰঃ শুকুৰবাৰে কাছাৰৰ বৰখলা ডলুত উত্তপ্ত পৰিস্থিতি । পথ দুৰ্ঘটনাত এগৰাকী স্কুটী আৰোহীৰ মৃত্যুক কেন্দ্ৰ কৰি এই পৰিস্থিতিৰ সৃষ্টি হয়। খলিৰ বাগান পথত এখন অজ্ঞাত বাহনৰ খুণ্ডাত থিতাতে মৃত্যু হয় স্কুটী আৰোহী জনৰ। নিহত লোক জনৰ নাম তৈবুৰ ৰহমান লস্কৰ (৫৫) ।‌

Advertisment

তৈবুৰ ৰহমানৰ ঘৰ বৰখলাৰ মাছিমপুৰ দ্বিতীয় খণ্ডত। মৃতদেহ লৈ পথ অবৰোধ কৰে ক্ষুদ্ধ ৰাইজে। ঘাটক গাড়ী চালকক গ্ৰেপ্তাৰৰ দাবীত এই অবৰোধ স্থানীয় ৰাইজৰ। এছপি আৰু ডিচি ঘটনাস্থলীত নহালৈকে পথ অবৰোধ অব্যাহত থাকিব বুলি হুংকাৰ অবৰোধকাৰীৰ।‌ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে।

Also Read: বাৰত মাৰপিটৰ ঘটনাঃ GMCH হোষ্টেলৰ ১৫ জন ছাত্ৰক বহিষ্কাৰ, চিকিৎসাধীন এজন

road accident