বাৰত মাৰপিটৰ ঘটনাঃ GMCH হোষ্টেলৰ ১৫ জন ছাত্ৰক বহিষ্কাৰ, চিকিৎসাধীন এজন

বাৰত মাৰপিটৰ ঘটনাঃ GMCH হোষ্টেলৰ ১৫ জন ছাত্ৰক বহিষ্কাৰ, চিকিৎসাধীন এজন

ডিজিটেল ডেস্কঃ জিএমচিএইচৰ ছাত্ৰ উদ্ভাণ্ডলী। হোষ্টেলৰ পৰা বৰ্খাস্ত হ'ল ১৫ গৰাকীকৈ ছাত্ৰ। বৃহস্পতিবাৰে নিশা খ্রীষ্টানবস্তিৰ এখন বাৰত GMCHৰ ছাত্রই মাৰপিট কৰাৰ ঘটনাৰ পাছতে বিভাগীয় কৰ্তৃপক্ষই এই সিদ্ধান্ত লয়।

বাৰত মদ্যপান কৰিবলৈ যোৱাৰ কথা ইতিমধ্যে স্বীকাৰ কৰিছে ৩ ছাত্রই। কালি সন্ধিয়া ৭.৩০ বজাত বাৰলৈ গৈছিল ছাত্রকেইজন। ঘটনাৰ বিৱৰণী অনুসৰি কনিষ্ট চিকিৎসকসহ কেইজন ছাত্ৰই সুৰাৰ ৰাগীত মাতাল হৈ বাৰৰ কৰ্মচাৰীৰ লগত মাৰপিট কৰিছিল।

প্রথমে বাৰৰ কৰ্মচাৰীৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হোৱাৰ অভিযোগ। তাৰ পিছতে বাৰত উপস্থিত হৈছিল আন ১৫গৰাকী ছাত্র। এই ঘটনাত বাৰৰ মেনেজাৰ আঘাতপ্ৰাপ্ত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে। আনহাতে এগৰাকী ছাত্ৰও বৰ্তমান আইচিইউত আছে।

যাৰ বাবে GMCHৰ ৩ ছাত্রক ৬ মাহৰ বাবে বহিষ্কাৰ কৰাৰ লগতে হোষ্টেলৰ পৰা আজীৱন বহিষ্কাৰ কৰে । ৪নং হোষ্টেলৰ নিউ ব্লকৰ ছাত্রকেইজন ক্ৰমে- হোজাইৰ ঋষিকেশ বিপাক্ষ (স্নাতক তৃতীয় বৰ্ষৰ) গোলাঘাটৰ কনিষ্ঠ চিকিৎসক শুভ্রাংশু শইকীয়া আনজন মঙলদৈৰ তৃতীয় বৰ্ষৰ ছাত্র শশাংক কাশ্যপ ।

ইয়াৰ লগতে আন ১৫জন ছাত্রক ৩ মাহৰ বাবে হোষ্টেলৰ পৰা বহিষ্কাৰ কৰে চিকিৎ‍সা মহাবিদ্যালয় কৰ্তৃপক্ষই। এই সন্দৰ্ভত চিকিৎ‍সা মহাবিদ্যালয় অধ্যক্ষ অচ্যুৎ‍ বৈশ্যই কয় যে, ভৱিষ্যতলৈ এনে কাৰ্য নহ’বৰ বাবে হোষ্টেলত CCTVৰ ব্যৱস্থা কৰা হ’ব। চিকিৎ‍সা মহাবিদ্যালয় কৰ্তৃপক্ষৰ সমান্তৰালকৈ আৰক্ষীকো ব্যৱস্থা ল'বলৈ আহ্বান বৈশ্যৰ।

বাৰত মাৰপিটৰ ঘটনাঃ GMCH হোষ্টেলৰ ১৫ জন ছাত্ৰক বহিষ্কাৰ, চিকিৎসাধীন এজন
১০ কোটি ! নোহোৱা হ'ল এটা পাহাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in