প্ৰথমে সুৰাৰ পাৰ্টি, পাছত নিচাত মাতাল হৈ গাড়ী চলাই দুৰ্ঘটনাতপতিত ৪ যুৱক-যুৱতী

প্ৰথমে সুৰাৰ পাৰ্টি কৰি হিন্দী গীতৰ তালে তালে নৃত্য। তাৰ পাছতে ভয়ংকৰ পথ দুৰ্ঘটনাতপতিত যুৱক-যুৱতী। এই ঘটনা শিলচৰৰ ৰংপুৰৰ।

author-image
Asomiya Pratidin
New Update
প্ৰথমে সুৰাৰ পাৰ্টি, পাছত নিচাত মাতাল হৈ গাড়ী চলাই দুৰ্ঘটনাতপতিত ৪ যুৱক-যুৱতী

ডিজিটেল ডেস্কঃ প্ৰথমে সুৰাৰ পাৰ্টি কৰি হিন্দী গীতৰ তালে তালে নৃত্য। তাৰ পাছতে ভয়ংকৰ পথ দুৰ্ঘটনাতপতিত যুৱক-যুৱতী। এই ঘটনা শিলচৰৰ ৰংপুৰৰ।

Advertisment

ঘটনাৰ বিৱৰণী অনুসৰি সোমবাৰে নিশা এটা ফাৰ্ম হাউচ ভাড়ালৈ লৈ সুৰাৰ পাৰ্টি কৰিছিল একাংশ যুৱক-যুৱতীয়ে। পাৰ্টি কৰি সুৰাৰ নিচাত মাতাল হৈ তীব্ৰ গতিত গাড়ী চলোৱাৰা বাবে ভয়ংকৰ দুৰ্ঘটনা হোৱা বুলি জানিব পৰা গৈছে।

চালকে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত ৰাজপথত বাগৰি পৰে মাৰুতি চুজুকি বাহনখন। চাৰি বন্ধু ঘৰত উভতি যোৱাৰ সময়ত শিলচৰ ৰংপুৰ অঞ্চলত ভয়ংকৰ পথ দুৰ্ঘটনাৰ কৱলত পৰে বাহনখন।

প্ৰতক্ষ্যদৰ্শী সকলৰ মতে, AS 11D 9783 নম্বৰৰ বাহনখন ভুল পথেৰে দ্ৰুতগতিত যোৱাৰ সময়ত হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজত থকা ডিভাইডাৰত খুন্দা মাৰে। ফলত ৰাজপথত বাগৰি পৰে বাহনখন।

পিছত স্থানীয় লোকসকলে বাহনত থকা চাৰি যুৱক-যুৱতীক গুৰুতৰ অৱস্থাত উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে। আহত চাৰি বন্ধু ক্ৰমে হাৰ্ষ জালান, দেবাঙ্গনা সাহা, সপ্তশ্ৰী আচার্জি আৰু প্রতাপ কান্দেওয়াল।

ইয়াৰ মাজত দেবাঙ্গনা সাহা আৰু হাৰ্স যালানৰ অৱস্থা অতি সংকটজনক হোৱাত তেওঁলোকক আইচিইউত ভৰ্তি কৰোৱা হৈছে।

Also Read: নতুন কিতাপ...

road accident Assam police