শিলচৰ-আইজল ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাঃ আহত কেইবাজনো

শিলচৰ-আইজল ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাঃ আহত কেইবাজনো

author-image
Asomiya Pratidin
New Update
শিলচৰ-আইজল ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাঃ আহত কেইবাজনো

ডিজিটেল সংবাদ, শিলচৰঃ কাছাৰ নৰছিংপুৰৰত দেওবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। শিলচৰ-আইজল ৰাষ্ট্ৰীয় ঘাইপথৰ নৰছিংপুৰৰত আজি পুৱাৰ ভাগত সংঘটিত হয় পথ দুৰ্ঘটনাটো।

Advertisment

আইজলৰ পৰা শিলচৰ অভিমুখী এখন যাত্ৰীবাহী চুমো আৰু বিপৰীত দিশৰ পৰা আহি থকা এখন ট্ৰাকৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষৰ ফলত কেবাজনো লোক গুৰুতৰ ভাবে আহত হয়। আহত সকলক উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

এই সংঘৰ্ষ ইমানেই ভয়াবহ আছিল যে ছুমোৰ সন্মুখ ভাগ সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ হৈ যায়। ফলত চালক আৰু যাত্ৰীসকল চুমোৰ ভিতৰতে আবদ্ধ হৈ পৰে। স্থানীয় লোক উপস্থিত হৈ দা ৰে চুমোখন ভাঙি চালক আৰু যাত্ৰী সকলক উদ্ধাৰ কৰে।

এই ভয়ংকৰ দুৰ্ঘটনাত চুমোখনৰ কেবাজনো যাত্ৰী গুৰুতৰ আহত হয়। ইয়াৰে কেবাজনৰ অৱস্থা সংকট জনক বুলি জানিব গৈছে। স্থানীয় লোকে আহত সকলক উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজ হাস্পতালয়লৈ প্ৰেৰণ কৰিছে। আহত সকলৰ এতিয়ালৈকে পৰিচয় জানিব পৰা হোৱা নাই যদিও আহত সকলৰ বেছি সংখ্যক লোক মিজোৰামৰ বুলি জানিব পৰা গৈছে।

Also Read: ১৮ পাকিস্তানী শৰণাৰ্থীয়ে লাভ কৰিলে হিন্দু নাগৰিকত্ব...

mizoram road accident