/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
ROAD ACCIDENT
ডিজিটেল সংবাদ ,শিলচৰ: সোমবাৰে নিশা শিলচৰৰ ৰামনগৰ- ঘুংগুৰ বাইপাছত সংঘটিত পথ দুৰ্ঘটনাত থিতাতে নিহত হয় আৰক্ষীয়ে জোৱান জন। নিহত আৰক্ষী জোৱান জন জয় প্ৰকাশ গোৱালা বুলি চিনাক্ত কৰা হৈছে।
গোৱালা শিলচৰৰ কাঠালস্থিত ৬ষ্ঠ অসম আৰক্ষী বেটেলিয়নত কৰ্মৰত আছিল । নিশা স্কুটীৰে গৈ থকা সময়ত এই দুৰ্ঘটনা সংঘটিত হয়। স্কুটী নিয়ন্ত্ৰণ হেৰুৱাই নে কোনো বাহনে খুণ্ডা মৰাৰ ফলত জোৱান জনৰ মৃত্যু হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
ইফালে, খবৰ পোৱাৰ পাছত মঙলবাৰে পুৱা শিলচৰ ট্ৰেফিক আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালয়লৈ প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।