শিলচৰ আৰক্ষীৰ সফলতাঃ ৫০ হাজাৰ নিচাযুক্ত টেবলেটৰ সৈতে ৫ জনক গ্ৰেপ্তাৰ...

শিলচৰ আৰক্ষীৰ সফলতাঃ ৫০ হাজাৰ নিচাযুক্ত টেবলেটৰ সৈতে ৫ জনক গ্ৰেপ্তাৰ...
শিলচৰ আৰক্ষীৰ সফলতাঃ ৫০ হাজাৰ নিচাযুক্ত টেবলেটৰ সৈতে ৫ জনক গ্ৰেপ্তাৰ...

ডিজিটেল সংবাদ শিলচৰ: ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই সোমবাৰে ব্যাপক সফলতা লাভ কৰিছে শিলচৰ আৰক্ষীয়ে। গোপন তথ্যৰ ভিত্তিত বিএছএফ আৰু শিলচৰ আৰক্ষীৰ যুটীয়া অভিযানত চালচাপৰ পৰা জব্দ কৰা হয় বহু পৰিমাণৰ নিচাযুক্ত টেবলেট।

মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ পৰা অহা ML04D -8981নম্বৰৰ এখন ব'লেৰো বাহনত তালাচী চলাই জব্দ কৰা হয় ৫০ হাজাৰ য়াবা টেবলেট।‌ বাহনখনৰ গোপন চেম্বাৰৰ ভিতৰত ৫ টা পেকেটত লুকুৱাই অনা হৈছিল টেবলেটখিনি।

জব্দকৃত টেবলেটখিনিৰ মূল্য ১০ কোটি টকা বুলি সদৰি কৰিছে আৰক্ষীয়ে। এই নিচাযুক্ত টেবলেট সৰবৰাহৰ অভিযোগত ৫ জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয় ।ধৃত সৰবৰাহকাৰী কেইজন মুংগলিয়ান খুপ, পি থাংখান লুন ডিপু খান লিয়ান,এন এলেক্স লালজাহাও আৰু পৌলিয়ান মুৱান।

আটাইৰে ঘৰ মনিপুৰৰ চুৰাচান্দপুৰ জিলাত। বৰ্তমান শিলচৰ সদৰ থানাত জেৰা অব্যাহত ধৃত সৰবৰাহকাৰী কেইজনক।‌

শিলচৰ আৰক্ষীৰ সফলতাঃ ৫০ হাজাৰ নিচাযুক্ত টেবলেটৰ সৈতে ৫ জনক গ্ৰেপ্তাৰ...
দিল্লীলৈ আলফাৰ নেতৃত্বঃ চলিত সপ্তাহতে শান্তি চুক্তি হ'ব সম্পন্ন !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in