মাদ্ৰাছাত ছাত্ৰক ডিঙি কাটি হত্য়া, গ্ৰেপ্তাৰ ইমাম হাফিজ মউচিন ৰহমান

শিলচৰৰ ধলাইৰ মাদ্রাছাত ছাত্রৰ হত্যাকাণ্ডৰ ৰহস্য ফাদিল। ছাত্রজনক হত্যা কৰিছিল ইমাম হাফিজ মউচিন ৰহমানে।

author-image
Asomiya Pratidin
New Update
মাদ্ৰাছাত ছাত্ৰক ডিঙি কাটি হত্য়া, গ্ৰেপ্তাৰ ইমাম হাফিজ মউচিন ৰহমান

ডিজিটেল সংবাদ,শিলচৰঃ শিলচৰৰ ধলাইৰ মাদ্রাছাত ছাত্রৰ হত্যাকাণ্ডৰ ৰহস্য ফাদিল। ছাত্রজনক হত্যা কৰিছিল ইমাম হাফিজ মউচিন ৰহমানে। এই কথা ইতিমধ্যে স্বীকাৰ কৰিছে অভিযুক্তই।

Advertisment

দেওবাৰে উদ্ধাৰ হৈছিল ছাত্ৰগৰাকীৰ মৃতদেহ। তাৰপাছতেই মাদ্ৰাছাখনৰ কেইবাগৰাকী ছাত্ৰক আৰক্ষীয়ে সোধ-পোচ অব্যাহত ৰাখিছিল। তাৰ পাছতেই পোহৰলৈ আহে ভয়ংকৰ তথ্য।

প্রতিশোধ লোৱাৰ বাবে ছাত্রজনক হত্যা কৰা হৈছিল বুলি আৰক্ষীয়ে জানিব পাৰিছে। ইয়াৰ পূৰ্বে মাদ্রাছাৰ পৰা পলাই যোৱাৰ অভিযোগত মাৰপিট কৰিছিল ছাত্রজনক। পৰবৰ্তী সময়ত ৰাজহুৱা ক্ষমা খুজিব লগা হৈছিল শিক্ষক হাফিজ মউচিন ৰহমানে।

ক্ষমা বিচৰাৰ প্রতিশোধত ছাত্রজনক হত্যা কৰা বুলি স্বীকাৰোক্তি হাফিজৰ। এই ঘটনাৰ পাছতেই অঞ্চলটিত এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। শিশুটিৰ পৰিয়াল তথা স্থানীয় ৰাইজে অভিযুক্তৰ ফাঁচীৰ দাবী কৰিছে।

Also Read: ৰঙিয়াত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ মাতৃ-কন্যাৰ মৃতদেহ, সন্ধান নাই স্বামীৰ

Assam police