ৰঙিয়াত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ মাতৃ-কন্যাৰ মৃতদেহ, সন্ধান নাই স্বামীৰ

ৰঙিয়াত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । সোমবাৰে অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হয় মাতৃ-কন্যাৰ মৃতদেহ

author-image
Asomiya Pratidin
New Update
ৰঙিয়াত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ মাতৃ-কন্যাৰ মৃতদেহ, সন্ধান নাই স্বামীৰ

ডিজিটেল ডেস্কঃ ৰঙিয়াত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । সোমবাৰে অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হয় মাতৃ-কন্যাৰ মৃতদেহ। ইয়াৰ পাছতেই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য়ই বিৰাজ কৰে।

Advertisment

শিৱ মন্দিৰৰ সমীপৰ এটা অট্টালিকাত উদ্ধাৰ মৃতদেহ দুটা। মৃতদেহ দুটা কণিকা আগৰৱালা আৰু পিনু আগৰৱালাৰ বুলি চিনাক্ত হৈছে।

কন্যা কণিকা আগৰৱালা উচ্চতৰ মাধ্যমিক ২য় বৰ্ষৰ ছাত্রী আছিল। বৰ্তমানেও সন্ধান নাই কণিকাৰ পিতৃ প্রবীণ আগৰৱালাৰ। পুৱা স্থানীয় লোকে প্রত্যক্ষ কৰিছিল প্রবীণ আগৰৱালাক। কিন্তু তাৰপাছৰ পৰা সন্ধানহীন হৈ আছে লোকজন।

ঘটনাস্থলীত আৰক্ষীলোক উপস্থিত হৈ ইতিমধ্যে আৰম্ভ কৰিছে তদন্তৰ। এয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছে। কিন্তু কেনেকৈ, কোনে হত্য়া কৰিলে মাতৃ কন্যাক সেয়া তদন্তৰ পাছতহে পোহৰলৈ আহিব। পাৰিবাৰিক কন্দলৰ পৰিণতিতেই এই ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে একাংশই।

Assam police