প্ৰায় ১০ কোটি টকাৰ য়াবা টেবলেট জব্দ, গ্ৰেপ্তাৰ ২ জন

প্ৰায় ১০ কোটি টকাৰ য়াবা টেবলেট জব্দ, গ্ৰেপ্তাৰ ২ জন

ডিজিটেল সংবাদ,শিলচৰ: কাছাৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই শুকুৰবাৰে পুৱতি নিশা শিলচৰ চৈয়দপুৰৰ পৰা ৫০ হাজাৰ নিচাজাতীয় য়াবা টেবলেট জব্দ কৰে। আৰক্ষী অধীক্ষক নোমাল মাহাত্তাৰ নেতৃত্বত আৰক্ষীয়ে এখন‌ বাইকত তালাচী চলাই জব্দ কৰে টেবলেট খিনি।‌

বাইকৰে সৰবৰাহৰ সময়ত টেবলেট খিনি জব্দ কৰে আৰক্ষীয়ে। টেবলেট সৰবৰাহৰ অভিযোগত ধলাই জাৰাইলতলাৰ আলেনবি পথমি নামৰ এজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে।‌ তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে ছইদপুৰৰ পৰা পাৰভেজ চুলতান মজুমদাৰ নামৰ‌ আন এজন‌ ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। জব্দ কৰা টেবলেটৰ মুল্য ১০ কোটি টকা হ'ব বুলি সদৰি কৰিছে অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত কুমাৰ সেনে।টেবলেট সমুহ মিজোৰামৰ কলাছিব জিলাৰ ছাইফাইৰ পৰা কাছাৰলৈ সৰবৰাহ‌ কৰা হৈছিল।‌

প্ৰায় ১০ কোটি টকাৰ য়াবা টেবলেট জব্দ, গ্ৰেপ্তাৰ ২ জন
গোলাঘাট কমাৰবন্ধাত চোৰাং তেলৰ বাহন জব্দঃ আটক তিনিজন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in