গোলাঘাট কমাৰবন্ধাত চোৰাং তেলৰ বাহন জব্দঃ আটক তিনিজন...

গোলাঘাট কমাৰবন্ধাত চোৰাং তেলৰ বাহন জব্দঃ আটক তিনিজন...
গোলাঘাট কমাৰবন্ধাত চোৰাং তেলৰ বাহন জব্দঃ আটক তিনিজন...

ডিজিটেল সংবাদ গোলাঘাটঃ ২৪ নৱেম্বৰ, বৃহস্পতি বাৰৰ পুৱতি নিশা গোলাঘাটৰ কমাৰবন্ধা চকিটিংত চোৰাং তেলৰ ঘাটিত আৰক্ষীয়ে অভিযান চলাই এখন ট্ৰেংকাৰ জব্দ কৰাৰ লগতে তিনিজনকৈ লোকক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে, দীৰ্ঘ দিন ধৰি চকিটিং তিনি আলীৰ ভৰত বৰা নামৰ লোকজনে ঘৰতে সংগোপনে চোৰাং তেলৰ বেহা চলাই আহিছিল।

বৃহস্পতিবাৰে নিশা গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাসৰ নেতৃত্বত যোৱা আৰক্ষী এটা দলে গোপন সূত্ৰৰ পম খেদি এক অভিযান চলাই ট্ৰেংকাৰৰ পৰা চোৰাংভাবে তেল উলিয়াই থকাৰ সময়তে হাতে লোটে ধৰা পেলাই।

ইয়াৰ পাছতে আৰক্ষীৰ দলটোৱে আটক কৰে ভৰত বৰাৰ লগতে ৰঞ্জন কুমাৰ আৰু দিনেশ পণ্ডিতক। তেওঁলোকৰ পৰা জব্দ কৰিছে গিলানে গিলানে বৃহৎ পৰিমাণৰ তেল।

জানিব পৰা মৰে বৰ্তমান তিনিওজনকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অধিক তদন্ত কৰি চোৰাং তেলৰ ৰমৰমীয়া বেহাত আৰু কোন কোন জড়িত হৈ আছে তাৰো অনুসন্ধান আৰম্ভ কৰিছে।

গোলাঘাট কমাৰবন্ধাত চোৰাং তেলৰ বাহন জব্দঃ আটক তিনিজন...
ভালে, কুশলে আছে মানস ৰবীন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in