
ডিজিটেল সংবাদ শিলচৰ: ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল শিলচৰ- সদৰ থানাসহ আশে-পাশে থকা কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান। থানাৰ সন্মুখত থকা এটি বৈদ্যুতিক ট্ৰেঞ্চফৰ্মাৰত সন্ধিয়া কেইবাটাও বিস্ফোৰণৰ শব্দ হয় ।
ইয়াৰ পিছতে হঠাতে ট্ৰেঞ্চফৰ্মাৰটোত জুইৰ সূত্ৰপাত ঘটে। নিমিষতে জুয়ে আৱৰি ধৰে ট্ৰেঞ্চফৰ্মাৰটো। এনে আকস্মিক ঘটনাত থানা এলেকাত এক হুলস্হূলীয়া পৰিবেশৰ সৃষ্টি হয়।
আতংকিত হৈ পৰে আশে-পাশে থকা লোক আৰু থানাৰ সন্মুখত থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ। ইফালে, খবৰ দিয়া হয় বিদ্যুৎ বিভাগ আৰু অগ্নি নিৰ্বাপক বাহিনীক।
অৱশ্যে, অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্হিত হোৱাৰ পূৰ্বে থানাৰ ফায়াৰ এক্সটিংগুইছাৰৰ জৰিয়তে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। যান্ত্ৰিক বিজুতিৰ বাবেই ট্ৰেঞ্চফৰ্মাৰটোৰটোত জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে।