মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বেজবৰুৱা দিৱস উদযাপন...

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বেজবৰুৱা দিৱস উদযাপন...
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বেজবৰুৱা দিৱস উদযাপন...

ডিজিটেল সংবাদ নগাঁও : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ লক্ষ্মীনাথ বেজবৰুৱা সাহিত্য চ'ৰাৰ উদ্যোগত আজি উলহ-মালহেৰে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম বাৰ্ষিকী উদযাপন কৰা হয় । বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকাই বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে ৷

উদ্বোধনী ভাষণত উপাচাৰ্যগৰাকীয়ে কয়, “বেজবৰুৱাদেৱৰ সমগ্ৰ সাহিত্য-সৃষ্টিয়ে অসমীয়া জাতিক শক্তিশালী কৰি গৈছে ৷ বেজবৰুৱা আজিও প্ৰতিজন অসমীয়াৰ হৃদয়ত বিদ্যমান” ৷

বিভাগীয় প্ৰধান ড° শ্যামলী দলৈয়ে আগবঢ়োৱা আদৰণি ভাষণৰ পাছতেই লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন-সাহিত্য সম্পৰ্কত মূল বক্তৃতা আগবঢ়াই নগাঁও মহাবিদ্যালয়ৰ (স্ব:) অসমীয়া বিভাগৰ সহযোগী অধ্যাপক দীপক কুমাৰ বৰাই। অসমীয়া বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে সমবেত সঙ্গীত পৰিৱেশন কৰাৰ উপৰিও অসমীয়া বিভাগৰ হিমাশ্ৰী ভট্টাচাৰ্য, শান্তনু কৌশিক, তাঞ্জিমা খাতুন আৰু ইংৰাজী বিভাগৰ ছাত্ৰী দীক্ষিত কাকতিয়ে বেজবৰুৱাৰ ৰচিত গীত পৰিৱেশন কৰে ।

আনহাতে ছাত্ৰী ৰিকুমণি বৰাৰ লগতে প্ৰথম ষান্মাষিকৰ ছাত্ৰীসকলে নৃত্য পৰিৱেশন কৰে। ছাত্ৰী যশোশ্ৰী ভৰদ্বাজে আঁতধৰা অনুষ্ঠানত বেজবৰুৱাৰ “নুমলীয়া পো” সাধুকথাৰ আধাৰত ৰচিত নোমল শীৰ্ষক নাটকখনো পৰিৱেশন কৰা কয়। ছাত্ৰী নিবেদিতা বৰুৱা আৰু স্বাগতা কলিতাই বক্তৃতা আগবঢ়োৱা অনুষ্ঠানত কৰুণা কছাৰীয়ে শলাগৰ শৰাই আগবঢ়ায় ৷ বেজবৰুৱা দিৱসৰ কাৰ্যসূচী অসম সংগীত পৰিৱেশনেৰে সামৰণি পৰে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বেজবৰুৱা দিৱস উদযাপন...
চৰাইদেউত পথ সুৰক্ষা সম্পৰ্কীয় সজাগতা...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in