শিলচৰত ১০৮ এম্বুলেঞ্চ সেৱাৰ পয়ালগা স্বৰূপ...

সময়মতে চিকিৎসালয় গৈ নাপাই অকাল মৃত্যু যুৱকৰ
শিলচৰত ১০৮ এম্বুলেঞ্চ সেৱাৰ পয়ালগা স্বৰূপ...
Published on
Updated on

ডিজিটেল সংবাদ, শিলচৰঃ ১০৮এম্বুলেঞ্চৰ‌ বাবেই অকালতে প্ৰাণ হেৰুৱালে স্কুটি দুৰ্ঘটনাত গুৰুতৰ আহত হোৱা কাছাৰৰ এজন ১৯বছৰীয়া যুৱকে। সোণাই সমষ্টিৰ নগদিৰগ্ৰামত মঙলবাৰে সংঘটিত হোৱা দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল ৰোছন হুছেইন লস্কৰ (১৯) আৰু আবজল হুছেইন লস্কৰে (২২)।

দুই যুৱকক শিলচৰ মেডিকেল কলেজ হাস্পতালয়লৈ নিবলৈ ব্যৱহাৰ কৰা হল তিনিখনকৈ ১০৮এম্বুলেঞ্চ । আহত যুৱক দ্বয়ক হাস্পাতাললৈ নিবলৈ অহা দুখন এম্বুলেঞ্চ আদবাটতে বিকল হৈ পৰে। অৱশেষত তৃতীয়খন এম্বুলেঞ্চত তিনিঘন্টা পলমকৈ আহত যুৱক দুজনক এছ এম চি হাস্পতালত ভৰ্তি কৰা হয়।

মঙলবাৰৰ পৰা আইচিইউত চিকিৎসাধীন ৰৌছন হুছেইন লস্কৰৰ অৱশেষত শুকুৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে। পয়ালগা ১০৮এম্বুলেঞ্চ ব্যৱস্থাৰ বাবেই ৰোছন হুছেইনৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে অভিভাৱকে। পৰৱৰ্তী সময়ত যাতে এনে পৰিস্থিতিৰ সৃষ্টি নহয় ইয়াৰ বাবে বিকল হৈ থকা এম্বুলেঞ্চসমূহ সলনি কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে মৃত ৰৌছনৰ পৰিয়ালবৰ্গই।

শিলচৰত ১০৮ এম্বুলেঞ্চ সেৱাৰ পয়ালগা স্বৰূপ...
পেৰিছ অলিম্পিকৰ অভিমুখে উৰা মাৰিলে লাভলিনাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in