পেৰিছ অলিম্পিকৰ অভিমুখে উৰা মাৰিলে লাভলিনাই...

একেটা দলতে প্ৰশিক্ষকৰ হিচাপে আছে তিতাবৰৰ প্ৰণামিকা বৰা

author-image
Asomiya Pratidin
New Update
পেৰিছ অলিম্পিকৰ অভিমুখে উৰা মাৰিলে লাভলিনাই...

ডিজিটেল ডেস্কঃ অলিম্পিকত দ্বিতীয়বাৰলৈ পদক জয়ৰ আশাৰে পেৰিছ অলিম্পিকলৈ উৰা মাৰিলে অসম কন্যা লাভলিনা বৰগোহাঁই। বিগতবছৰত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ পিছত এইবাৰৰ লক্ষ্য সোণৰ পদক। দেশবাসীৰ শুভেচ্ছা আৰু আশীৰ্বাদ শিৰত লৈ শুকুৰবাৰে ভাৰতীয় বক্সিং দলটো দিল্লীৰ পৰা পেৰিছ অলিম্পিকলৈ বুলি ৰাওনা হয়।

Advertisment

উল্লেখযোগ্য ভাৰতীয় বক্সিং দলটোত আছে আন এগৰাকী অসমীয়া কন্যা। তেওঁ হৈছে প্ৰণামিকা বৰা। এগৰাকী প্ৰতিষ্ঠিত প্ৰশিক্ষক তথা ৰাষ্ট্ৰীয় মহিলা দলৰ প্ৰশিক্ষক পেনেলৰ অন্যতম সদস্য প্ৰণামিকা । প্ৰণামিকাৰ ঘৰ তিতাবৰৰ ওচৰৰ টিপমীয়া বৰপাচি গাঁৱত । ভাৰতীয় দলৰহৈ কেইবাবাৰো খেলা প্ৰণামিকাই এছিয়ান পৰ্যায়ত পদকো অৰ্জন কৰিছে।

শুকুৰবাৰে ভাৰতীয় বক্সিং দলটো জাৰ্মানীত উপস্থিত হৈ ছাৰব্ৰুকেন নগৰীত ২২ জুলাই পৰ্যন্ত প্ৰশিক্ষণ গ্ৰহণ কৰিব। দলটোৱে অনুশীলনৰ সময়তে আন কেইবাখন দেশৰ খেলুৱৈৰ সৈতে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দিতাতো অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে ২৬ জুলাই ২০২৪ ৰ পৰা অনুষ্ঠিত হ'ব বিশ্বৰ বৃহৎ ক্ৰীড়াংগণ পেৰিছ অলিম্পিক।

Also Read: বজ্ৰপাতত মৃত্যু হোৱা মৃতকৰ পৰিয়ালৰ কাষত বিধায়ক ৰূপক শৰ্মা...

lovlina borgogain Paris Olympics