শিলচৰতো বিশ্বকর্মা প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠান

শিলচৰতো বিশ্বকর্মা প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠান

ডিজিটেল সংবাদ, শিলচৰঃ দেওবাৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে প্রধানমন্ত্রী বিশ্বকর্মা প্রকল্প। সমগ্ৰ দেশৰ লগতে শিলচৰতো এই প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়।‌ শিলচৰ‌ৰ বংগভৱনত আয়োজিত এই উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্রীয় জলশক্তি আৰু উপজাতি বিষয়ক প্রতিমন্ত্রী ড০ বিশ্বেশ্বৰ টুডু ।‌

অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীয়ে দিল্লীত উদ্বোধন কৰা কাৰ্যসূচীৰ পোনপতীয়া সম্প্রচাৰ প্ৰত্যক্ষ কৰে। অনুষ্ঠানত এই বিশ্বকৰ্মা প্ৰকল্প সন্দৰ্ভত ভাষণ প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী ড০ বিশ্বেশ্বৰ টুডুৱে।‌ উল্লেখ্য যে, অনুষ্ঠানত অসমৰ বিদ্যুৎ, ক্রীড়া মন্ত্রী নন্দিতা গাৰ্লোছা, সাংসদ ড০ ৰাজদীপ ৰয়, কাছাৰৰ জিলা আয়ুক্ত ৰোহন কুমাৰ ঝা, দুই বিধায়ক দিপায়ন চক্ৰৱৰ্তী আৰু কৌশিক ৰয়ও উপস্থিত থাকি ভাষণ প্ৰদান কৰে।

শিলচৰতো বিশ্বকর্মা প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠান
সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত 'এটি সুমধুৰ আবেলি' শীৰ্ষক অনুষ্ঠান

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in