/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/f27e787d-cb8e-4445-9c25-eec3eac9e7a0/114.jpg)
ডিজিটেল ডেস্ক : গুৱাহাটী মহানগৰীৰ হোটেল তাজ ভিভাণ্টাত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অসমৰ শিল্পী,সাংস্কৃতিক কৰ্মী,সংগঠক তথা সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত লোকসকলৰ সৈতে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত শনিবাৰে আবেলি এখন বৈঠক অনুষ্ঠিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/a558840a-953c-40f5-8145-f7a2b85090d6/F6KY_E5asAAcaYO.jpg)
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ন্যস্ত কৰা দায়িত্ব অনুসৰি বিভাগে আয়োজন কৰা 'এটি সুমধুৰ আবেলি' শীৰ্ষক অনুষ্ঠানটিত ভালেসংখ্যক সাংস্কৃতিক পূজাৰী উপস্থিত থাকে। বিভাগীয় মন্ত্ৰী বিমল বড়াৰ উপস্থিতিত এই অনুষ্ঠানত অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত বহুতো বিষয় সন্দৰ্ভত আলোচনা কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/3568c22b-2555-49ac-8194-f5ba435da709/379284057_861302355363322_2004162974463361026_n.jpg)
অনুষ্ঠানত শিক্ষামন্ত্ৰী ৰণোজ পেগু, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত তথা ৰাজ্য চৰকাৰৰ কেইবাগৰাকী প্ৰতিনিধি উপস্থিত থাকি বক্তব্য় প্ৰদান কৰে। ছবি উদ্যোগটোৰ উৎকৰ্ষ সাধনৰ অৰ্থে ৰাজ্যৰ প্ৰতিখন উপ-জিলাত ছবিগৃহ নিৰ্মাণৰ পৰিকল্পনা লোৱা হৈছে বুলি বৈঠকত উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/a2c69ee7-478f-44ac-8ae6-c50e947f348f/379292427_861302422029982_5168747714388156670_n.jpg)
এই সন্দৰ্ভত উপস্থিত প্ৰতিগৰাকী শিল্পী তথা সাংস্কৃতিক কৰ্মীৰ পৰা মতামত লোৱা হয়। অনুষ্ঠানত মন্ত্ৰী বিমল বড়াই কয় যে, আগতে এনেধৰণৰ কোনো আলোচনা হোৱা নাছিল। এই বিষয়ে কোনোও গুৰুত্ব দিয়াও পৰিলক্ষিত হোৱা নাই। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা আগ্ৰহ অনুসৰি এই বৈঠকৰ দ্বাৰা শিল্পীসকলৰ সৈতে সংবদ্ধভাৱে আলোচনাৰ মাজেৰে সাংস্কৃতিক ক্ষেত্ৰখন আগুৱাই নিয়াৰ কথা মন্ত্ৰী বৰাই উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/3dfdbd32-58aa-414f-8ce5-2c86dcbf9b43/378340164_861302478696643_6209738233435032982_n.jpg)
আনহাতে এই অনুষ্ঠানত বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া,দেৱজিৎ মজুমদাৰ,চেতনা দাস,ৰাজশ্ৰী ফুকন,অতুল পাচনি,সীমান্ত শেখৰ,বিদ্যাসাগৰ,আইমী বৰুৱা,ত্ৰিদিব লাহন,প্ৰাঞ্জল এ শৰ্মা,গোপাল জালান আদিকে ধৰি ভালেসংখ্যক শিল্পীৰ লগতে সাংস্কৃতিক সাংবাদিক উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/162634bb-1669-46d2-af1a-16bb89ac2163/F6KY_E_bQAAs_Ra.jpg)
Also Read: নিপা ভাইৰাছত আক্ৰান্ত ৬ জন