শিলচৰ এন আই টিত চাঞ্চল্যকৰ ঘটনা : ছাত্ৰই ল'লে চৰম সিদ্ধান্ত...

শিলচৰ এন আই টিত চাঞ্চল্যকৰ ঘটনা : ছাত্ৰই ল'লে চৰম সিদ্ধান্ত...

ডিজিটেল ডেস্ক : শিলচৰ এন আই টিত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা । এন আই টিৰ গেষ্ট ৰুমৰ লগতে থকা বাথৰুমত ডিঙিত চিপলৈ এগৰাকী ছাত্ৰই আত্মহত্যা কৰাৰ ঘটনা জানিব পৰা গৈছে।

নিহত ছাত্ৰজন মেকানিক্যাল ইঞ্জিনিয়াৰ বিভাগৰ কিশোৰ প্ৰাণ ডেকা বুলি জানিব পৰা গৈছে। ঘটনাৰ বিৱৰণী অনুসৰি সোমবাৰে পুৱা মা-দেউতাৰ লগত গেষ্ট ৰুমতে আছিল ছাত্ৰগৰাকী। ইয়াৰ পাছতে কিবা কামত মাক-দেউতাক বাহিৰলৈ ওলাই যায় আৰু উভতি আহি বাথৰুমৰ দৰ্জা বন্ধ কৰি থোৱা প্ৰত্যক্ষ কৰে ।

বহু সময় ধৰি বাথৰুমৰ দৰ্জা বন্ধ দেখি পিতৃ-মাতৃয়ে চিঞৰ-বাখৰ আৰম্ভ কৰে। এনে পৰিস্থিতিৰ উদ্ভৱ হোৱাত এন আই টিৰ আন ছাত্ৰসহ কৰ্তৃপক্ষ ঘটনাস্থলীত উপস্থিত হয় । বহু সময় ধৰি দৰ্জাখন বন্ধ থকা দেখি এন আই টি কৰ্তৃপক্ষই দৰ্জা ভাঙি প্ৰত্যক্ষ কৰে যে কিশোৰ প্ৰাণ ডেকা নামৰ ছাত্ৰজন ডিঙিত চিপলৈ থকা অৱস্থাত ওলমি আছে ।

তাতক্ষণিকভাৱে বাবে ওলমি থকা ছাত্ৰগৰাকীক উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজত লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে । অৱশ্যে কি কাৰণত ছাত্ৰগৰাকীয়ে আত্মহত্যা কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই ।

ইপিনে এই ঘটনাক কেন্দ্ৰ কৰি এন আই টি চৌহদত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

শিলচৰ এন আই টিত চাঞ্চল্যকৰ ঘটনা : ছাত্ৰই ল'লে চৰম সিদ্ধান্ত...
কণ্ঠশিল্পী নাহিদ আফ্ৰিনক ইউনিচেফ ইণ্ডিয়াৰ যুৱ অধিবক্তা হিচাপে নিযুক্তি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in