কণ্ঠশিল্পী নাহিদ আফ্ৰিনক ইউনিচেফ ইণ্ডিয়াৰ যুৱ অধিবক্তা হিচাপে নিযুক্তি

মোহময়ী অভিনেত্ৰী কৰীণা কাপুৰক ইউনিচেফ ইণ্ডিয়াৰ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে নিযুক্তি

author-image
Asomiya Pratidin
New Update
কণ্ঠশিল্পী নাহিদ আফ্ৰিনক ইউনিচেফ ইণ্ডিয়াৰ যুৱ অধিবক্তা হিচাপে নিযুক্তি

ডিজিটেল ডেস্ক : অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফ্ৰিনক ইউনিচেফৰ যুৱ অধিবক্তা হিচাপে নিযুক্ত দিয়া হৈছে। নাহিদৰ উপৰি ভাৰতৰ ৩গৰাকীক এই পদত নিযুক্তি দিয়া হৈছে বুলি ইউনিচেফে সামাজিক মাধ্যমযোগে ৰাজহুৱা কৰে।

Advertisment

তেঁওলোক হৈছে- মধ্যপ্ৰদেশৰ গৌৰংশী শৰ্মা, উত্তৰপ্ৰদেশৰ কাৰ্তিক বাৰ্মা আৰু তামিলনাডুৰ বিনীশা উমাশংকৰ। আনহাতে বলিউডৰ মোহময়ী অভিনেত্ৰী কৰীণা কাপুৰক ইউনিচেফ ইণ্ডিয়াৰ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে নিযুক্তি দিয়া হৈছে।

উল্লেখযোগ্য যে শিশুসকলৰ মানসিক স্বাস্থ্য আৰু শৈশৱৰ প্ৰাৰম্ভিক বিকাশৰ ক্ষেত্ৰত নাহিদ আফ্ৰিনক নিযুক্তি দিয়া হৈছে। একেদৰে বাকী ৩গৰাকীয়ে ভাৰতৰ জলবায়ু, শিশুৰ মানসিক স্বাস্থ্য, উদ্ভাৱন, বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিতৰ দৰে বিষয়ৰ ক্ষেত্ৰত তেঁওলোকক নিযুক্তি দিয়া হৈছে।

এই খবৰ লাভ কৰাৰ পাছতে অসম কন্যা তথা কণ্ঠশিল্পী নাহিদে আনন্দ প্ৰকাশ কৰে। তেঁও সামাজিক মাধ্যমযোগে কয় যে এই খবৰে মোক আনন্দিত আৰু সন্মানিত কৰিছে। এই চেগতে মোৰ বন্ধু গৌৰংশী, কাৰ্তিক আৰু বিনীশাক অভিনন্দন জনাইছো। লগতে কৰীণা কাপুৰৰ সৈতে কটোৱা সময়ৰ কথা উল্লেখ কৰে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে অভিনেত্ৰী কৰীণা কাপুৰে ২০১৪ চনৰ পৰাই ইনিচেফৰ লগত জড়িত হৈ আছে।

Also Read: ইৰাণী নাৱসহ মাছমৰীয়াক আটক ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ

Kareena Kapoor Kareena Kapoor Khan nahid afrin unicef