কাছাৰত বুলড'জাৰৰ খুণ্ডাত থিতাতে নিহত এটি ৫বছৰীয়া শিশু

dangor khabar
dangor khabar

ডিজিটেল সংবাদ, শিলচৰঃ কাছাৰত পুনৰ হিট এণ্ড ৰানৰ ঘটনা । এখন তীব্ৰ বেগী বুলড'জাৰৰ খুণ্ডাত থিতাতে নিহত হয় এটি ৫ বছৰীয়া শিশু। এই দুৰ্ঘটনা সংঘটিত হয় উজান তাৰাপুৰৰ সমীপৰ মনিপুৰ বস্তি প্ৰথম খণ্ডত।

দুৰ্ঘটনা সংঘটিত কৰি বুলড'জাৰখন পলায়নৰ চেষ্টা কৰে যদিও স্থানীয় লোকে শিৱপুৰৰ পৰা বাহনখন জব্দ কৰে।‌ ইফালে,শিশুটোৰ মৃত্যুৰ পিছত ক্ষুদ্ধ ৰাইজে মৃতদেহ লৈ শিলচৰ-ইম্ফল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিস্থিতি উত্তাল কৰে।

অৱৰোধকাৰীসকলে অভিযোগ কৰা মতে, ঘাটক বুলডোজাৰখনে তীব্ৰ বেগত আহি পথৰ কাষত ৰৈ থকা নুৰুল বুজা নামৰ ৫ বছৰীয়া শিশুটোক প্ৰচণ্ড খুণ্ডা মাৰে। ফলত থিতাতে নিহত হয় শিশুটি। শিশুটিৰ পৰিয়ালক উপযুক্ত ক্ষতিপুৰণ দিয়া আৰু এনে তীব্ৰ বেগী বাহনসমূহক নিয়ন্ত্ৰৰ‌ কৰাৰ দাবীত আবেলি ৪বজাৰ পৰা সন্ধিয়ালৈ পথ অৱৰোধ কৰা হয়। পিচত আৰক্ষী আৰু প্ৰশাসনৰ লোক উপস্থিত হৈ তেওঁলোকৰ দাবী মানি লোৱাত পথ অৱৰোধ মুক্ত কৰা হয়। ইয়াৰ পিছত মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰা হয়।

dangor khabar
ধেমাজিত পৰিবহন বিভাগ-আৰক্ষীৰ অভিযানঃ আইন উলংঘাৰ নামত ৩ লক্ষাধিক ৰাজহ সংগ্ৰহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in