ধেমাজিত পৰিবহন বিভাগ-আৰক্ষীৰ অভিযানঃ আইন উলংঘাৰ নামত ৩ লক্ষাধিক ৰাজহ সংগ্ৰহ

ধেমাজিত পৰিবহন বিভাগ-আৰক্ষীৰ অভিযানঃ আইন উলংঘাৰ নামত ৩ লক্ষাধিক ৰাজহ সংগ্ৰহ

ডিজিটেল সংবাদ ,ধেমাজিঃ ধেমাজি জিলা পদ সুৰক্ষা সমিতিৰ উদ্যোগত জিলা পৰিবহন বিভাগ আৰু ধেমাজি আৰু জোনাই আৰক্ষীৰ যুটীয়া অভিযান চলায়। এই অভিযানত ধেমাজি আৰু জোনাইত হেলমেট ,চিটবেল , নথিপত্ৰ নথকা ,গাড়ী দ্ৰুতগতিত চলোৱাকে ধৰি পৰিবহন বিভাগৰ আইন ভংগ কৰা অপৰাধত শনিবাৰে একেদিনাই ৩ লাখ ৫২ হাজাৰ টকা ধন জৰিমনা বিহি বিভাগে ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷

জানিব পৰামতে জিলা পৰিবহন বিভাগে সুকীয়াকৈ ২ লাখ ৩৮ হাজাৰ টকা জৰিমনা বিহি ৰাজহ সংগ্ৰহ কৰা লগতে ধেমাজি সদৰ আৰক্ষীয়ে ১ লাখ ১৪হাজাৰ আৰু জোনাই আৰক্ষীয়ে ৩৩ হাজাৰ ৫০০টকা জৰিমনা বিহি ৰাজহ সংগ্ৰহ কৰিছে ৷ ইতিমধ্যে ধেমাজি সদৰ আৰক্ষী থানাৰ অধীনৰ যানবাহন শাখাৰ উপ-পৰিৰ্দশক নোমল বৰুৱা তত্ত্বাৱধানতেই কেৱল বিগত তিনি মাহতেই ৩৫ লাখ ৭০ হাজাৰ ধনৰ ৰাজহ সংগ্ৰহ হয়৷

ইফালে পৰিবহন বিভাগৰ তথ্যমতে এদিনতেই ৫৭জন হেলমেট নিপিন্ধা, ২৬জন লাইচেন্স নথকা, এজনৰ পলিচনৰ নথিপত্ৰ নথকা, তিনিজনৰ ইন্সুৰেন্স নথকা , ২০জন দ্ৰুতগতিত চলোৱাকে ধৰি প্ৰায় দুই শতাধিক মটৰচাইকেল চালকে ধেমাজি সদৰ আৰক্ষী থানাত পুৱাৰে পৰা সন্ধিয়া পৰ্যন্ত আবদ্ধ হৈ থাকিব লগীয়া হয়। ইয়াৰ লগতে পৰিবহন বিভাগৰ আইন ভংগ কৰা অপৰাধত জৰিমনা ভৰিব লগীয়া অৱস্থা হৈছে ৷

ধেমাজিত পৰিবহন বিভাগ-আৰক্ষীৰ অভিযানঃ আইন উলংঘাৰ নামত ৩ লক্ষাধিক ৰাজহ সংগ্ৰহ
ঢকুৱাখনা জ্যেষ্ঠ নাগৰিক সন্মিলনঃ দেৱলীনাৰ হত্যাকাণ্ডৰ ন্যায়িক তদন্তৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in