বজাৰত বিক্ৰী টাটা মটৰছৰ নকল সামগ্ৰী, আৰক্ষীৰ তালাচীত জব্দ লাখ লাখ টকাৰ সামগ্ৰী

বজাৰত বিক্ৰী টাটা মটৰছৰ নকল সামগ্ৰী, আৰক্ষীৰ তালাচীত জব্দ লাখ লাখ টকাৰ সামগ্ৰী

ডিজিটেল ডেস্কঃ একাংশ অসাধু ব্যৱসায়ীয়ে বহু সময়ত নকল সামগ্ৰী নিৰ্মাণ কৰি চলাই গৈছে এক বৃহৎ ক'লা বজাৰ। দেশত দিনক দিনে বৃদ্ধি পাইছে নকল সামগ্ৰীৰ ব্যৱসায়। এটা সামান্য বেজীৰ পৰা বিমানলৈ ভাৰতৰ খুচুৰা বজাৰত নকল সামগ্ৰী সহজলভ্য হৈ পৰিছে। সামগ্ৰীসমূহ এনেদৰে নিৰ্মাণ কৰা হয় যে প্ৰকৃত আৰু নকলৰ মাজত পাৰ্থক্য বিচাৰি উলিওৱাটো কঠিন হৈ পৰে। যাৰ বাবে বহু সময়ত গ্ৰাহকে নকল সামগ্ৰী ক্ৰয় কৰে।

ভাৰতত নকল সামগ্ৰীৰ বজাৰখন কেইবা কোটি টকাৰ। প্ৰতিবেদন অনুসৰি ভাৰতত বাহনৰ বাবে প্ৰয়োজনীয় নকল সামগ্ৰী তৈয়াৰ কৰা বজাৰখনো ডাঙৰ। এই ব্যৱসায়ৰ ফলত অসাধু ব্যৱসায়ীসকল ধনী হোৱাৰ লগতে গ্ৰাহকসকলে যথেষ্ঠ পৰিমাণে লোকচানৰ সন্মুখীন হয়।, সেয়ে জনসাধাৰণে বিচাৰে এনে লোকসকল কাৰাগাৰলৈ যোৱা।

এনেধৰণৰ ব্যৱসায়ীসকলৰ বিৰুদ্ধে কাম কৰে ইনফোৰ্চ অফ ইন্টালুস্কুয়েল প্ৰপাৰ্টী(ইআইপিআৰ) য়ে। এইটো এনে এটা কোম্পানী যিয়ে এনে ব্যৱসায় কৰা সকলত চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে।

ইয়াৰ মাজতে শিলচৰৰ পৰা পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য।  চোৰাংচোৱাই তথ্য প্ৰকাশ কৰিছিল যে শিলচৰৰ ইণ্ডিয়া মটৰছ (সোনাই ৰোড, কাছাৰ, অসম) আৰু ডি এছ অটোমোবাইল (সোনাই ৰোড, কাছাৰ, অসম) নামৰ প্ৰতিষ্ঠান দুটাই মুকলিকৈ এনে কাম চলাই গৈছিল। দীৰ্ঘদিন ধৰি এই প্ৰতিষ্ঠান দুটাই টাটা মটৰছৰ ভুৱা সামগ্ৰী মুকলিকৈ বিক্ৰী কৰি আহিছে।

এই তথ্য লাভ কৰে ইআইপিআৰে। ইয়াৰ পাছতে ইআইপিআৰে শিলচৰ জিলাৰ আৰক্ষী অধীক্ষক নুমল মহত্তক এই বিষয়ে অৱগত কৰে। আৰক্ষী অধীক্ষক নুমল মহত্তৰ  নিৰ্দেশৰ পিছত উপ পৰিদৰ্শক সুৰজিৎ ডেকা আৰু অনুপ কুমাৰ দাসৰ নেতৃত্বত এটা দল গঠন কৰা হয । এই দলটোৱে সেই তথ্যৰ ভিত্তিত দুয়োটা প্ৰতিষ্ঠানত অভিযান চলায়।

১৪ ডিচেম্বৰত চসা এই অভিযানত ইণ্ডিয়া মটৰ্চ আৰু ডি.এছ. অটোমোবাইলৰ পৰা লাখ লাখ টকাৰ নকল টাটা মটৰছৰ সামগ্ৰী জব্দ হয়। জব্দকৃত সামগ্ৰীৰ ভিতৰত বাহনৰ ভুৱা সামগ্ৰী, এমআৰপি ষ্টিকাৰ আদিও আছে ।

ইণ্ডিয়া মটৰছৰ সন্দীপ জৈন আৰু ডি এছ অটোমোবাইলৰ ধৰ্মেন্দ্ৰ কুমাৰ চেঠীৰ বিৰুদ্ধে ধাৰা ৪২০, ৩৪ আইপিচি আইন আৰু কপিৰাইট আইন ৬৩ ৰ অধীনত গোচৰ ৰুজু কৰে।  ইয়াৰ এজাহাৰ নম্বৰ ২৩৯০/২০২৩। ইতিমধ্যে এই ঘটনাত অভিযুক্ত সকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। ইয়াৰোপৰি আন এখন প্ৰতিষ্ঠান আইটি চলুশ্যনটো অভিযান চলাই কুমাৰজিত দত্তক গ্ৰেপ্তাৰ কৰে।

বজাৰত বিক্ৰী টাটা মটৰছৰ নকল সামগ্ৰী, আৰক্ষীৰ তালাচীত জব্দ লাখ লাখ টকাৰ সামগ্ৰী
চৰকাৰী চাকৰি কৰিছে যেতিয়া চৰকাৰী নীতি-নিয়ম মানিব লাগিবঃ ৰনোজ পেগু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in