চৰকাৰী চাকৰি কৰিছে যেতিয়া চৰকাৰী নীতি-নিয়ম মানিব লাগিবঃ ৰনোজ পেগু

ranoj pegu
ranoj pegu

ডিজিটেল সংবাদ, তিতাবৰঃ শিক্ষক সকলে আন্দোলন কৰাটো তেওঁলোকৰ ইচ্ছা-অনিচ্ছাৰ কথা কিন্তু চৰকাৰী চাকৰি যেতিয়া কৰিছে চৰকাৰী বিধি, নীতি- নিয়ম মানি কৰিব লাগিব- এই মন্তব্য শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ। মঙলবাৰে তিতাবৰত বিজেপি দলৰ বুথ পয্যায়ৰ এক সাংগঠনিক সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰে হোৱা কথা-বতৰাত এই মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।

সাংবাদিকে মন্ত্ৰী গৰাকীক শিক্ষক সকলৰ বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত চৰকাৰৰ আপত্তি ক'ত বুলি প্ৰশ্ন উত্থাপন কৰাত তেখেতে কয় যে চৰকাৰী চাকৰি নিয়মীয়াকৰণ কৰাৰ ক্ষেত্ৰত দেশৰ নিৰ্দিষ্ট বিধি আছে, নিয়ম আছে। শিক্ষক সকলে চাকৰিত যোগদান কৰাৰ তাৰিখৰ পৰাই নিয়মীয়াকৰণ দেখাব নোৱাৰি, তেওঁলোকৰ চাকৰি যি তাৰিখত নিয়মীয়া কৰা হ'ব সেই তাৰিখৰ পৰাহে সুবিধা সমূহ লাভ কৰিব।

ইফালে সাংবাদিকে কথা বাৰ্তাত বেলেগ ৰাজ্যত শিক্ষকৰ চাকৰি বেতন সুৰক্ষাসহ নিয়মীয়া কৰণ কৰিছে বুলি উল্লেখ কৰাত মন্ত্ৰী গৰাকীয়ে বেলেগ ৰাজ্যত ডকাইতি বা অপৰাধ মূলক কাৰ্য্য সংঘটিত হ'লে আমিও কৰিব লাগিব নেকি বুলি মন্তব্য কৰে। লগতে কয় যে ভাৰতৰ পাঁচখন উন্নত ৰাজ্যৰ ভিতৰত অসমক শ্ৰেষ্ঠ ৰাজ্য ৰূপে গঢ়ি তুলিবৰ বাবে চেষ্টা কৰি থকা হৈছে আৰু অনুন্নত ৰাজ্য সমূহে কি কৰিছে তাৰ লগত অসমৰ তুলনা কৰিলে নহ'ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰে।

ranoj pegu
দুটাকৈ ৰাষ্ট্ৰীয় সন্মান লাভ নগাঁৱৰ নীলঞ্জনা বেজবৰুৱাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in