/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/b0e95e78-8a5b-47e6-b231-12349975ea40/155.jpg)
ডিজিটেল সংবাদ শিলচৰ: নিৰ্বাচন সম্পন্ন হোৱাৰ পিছতো জিৰণি নাই শিলচৰ সংসদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা ৰাজ্যৰ পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ । উল্লেখ কৰা প্ৰয়োজন যে পথ সুৰক্ষা আৰু ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে বিগত কেবামাহ ধৰি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বাইক ৰেলী কৰি এক বিপ্লৱৰ সূচনা কৰিছিল পৰিল শুক্লবৈদ্যই।
শদিয়াৰ পৰা ধুবুৰীলৈ ৰাজ্যৰ ১২৬ টা সমষ্টি পৰিভ্ৰমণ কৰি মন্ত্ৰীগৰাকীয়ে পথ সুৰক্ষাৰ বাবে সজাগতাৰ সৃষ্টি কৰিছিল। নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ পিছত এতিয়া পুনৰ পথ সুৰক্ষাৰ বাবে অভিযান আৰম্ভ কৰিছে পৰিল শুক্লবৈদ্যই।
মঙলবাৰে “কৈদী ফ্ৰী চোল“ বাইক ৰাইডাৰ্চৰ উদ্যোগত শিলচৰত উলিওৱা এক বিশাল বাইক ৰেলীত অংশগ্ৰহন কৰে মন্ত্ৰীগৰাকীয়ে। দুৰ্ঘটনা ৰোধ আৰু পথ সুৰক্ষাৰ বাৰ্তাৰে শিলচৰত এই বাইক ৰেলীৰ নেতৃত্ব দিয়ে উত্তৰ-পূৱ ভাৰতৰ প্ৰসিদ্ধ বাইক ৰাইডাৰ্চৰ গ্ৰুপ “ কৈদী ফ্ৰী চোল ৰাইডাৰ্চে” ৷
বাইক ৰাইডাৰ্চৰ উদ্যোগত উলিওৱা এই বাইক ৰেলীত অংশগ্ৰহণ কৰি ৰাইজক পথ সুৰক্ষাৰ বাৰ্তা দিয়ে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । শিলচৰ চহৰৰ দেবদূত পইন্টৰ পৰা যাত্ৰা আৰম্ভ কৰা এই বাইক ৰেলীয়ে শিলচৰ চহৰৰ বিভিন্ন পথ পৰিভ্ৰমণ কৰে ।
ৰেলীত হেলমেট পৰিধান কৰি নিজে বাইক চলাই ৰাইজক পথ সুৰক্ষাৰ বাৰ্তা দিয়ে পৰিমল শুক্লবৈদ্যই। বাহন চলোৱাৰ সময়ত যান-বাহন আইনৰ সকলো নীতি-নিয়ম মানি চলিবলৈ তেওঁ ৰাইজক আহ্বান জনায়। নীতি নিয়ম মানি বাহন চলালে চালক সুৰক্ষিত থকাৰ লগতে আনকো সুৰক্ষিত কৰি ৰাখিব পাৰিব বুলি পৰিমল শুক্লবৈদ্যই মন্তব্য কৰে।
Also Read: গুৱাহাটী বিশ্ববিদ্যালয়ত বিশেষ অনুষ্ঠানঃ ভাষাৰ ওজালৈ শ্ৰদ্ধাঞ্জলি...