শিলচৰত ব্যতিক্ৰমী ৰূপত পৰিমল শুক্লবৈদ্য...

শিলচৰত ব্যতিক্ৰমী ৰূপত পৰিমল শুক্লবৈদ্য...

ডিজিটেল সংবাদ, শিলচৰঃ মঙ্গলবাৰে দেশজুৰি পালিত হৈছে ৰঙৰ উৎসৱ হোলী। এই হোলিৰ দিনটোত ব্যতিক্ৰমী ৰূপত দেখা গ'ল শিলচৰৰ বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যক। আসন্ন লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ‌ প্ৰাৰ্থীগৰাকীয়ে মন্দিৰে মন্দিৰে গৈ ভগৱানৰ আশীৰ্বাদ বিচাৰিলে। শিলচৰ চহৰত থকা নৰছিং আখৰা শ্যামসুন্দৰ আখৰা সহ কেবাটাও মন্দিৰলৈ গৈ বিভিন্ন দেৱ-দেৱীক সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰিলে। বিজেপি প্ৰাৰ্থী জনৰ‌ লগত শিলচৰৰ সাংসদ ৰাজদীপ ৰয়, বিধায়ক দিপায়ন চক্ৰৱৰ্তী, জিলা বিজেপিৰ সভাপতি বিমলেন্দু ৰয় সহ কেইবাজনো বিজেপি নেতাই সঙ্গ দিয়ে।

হোলীৰ দিনটোত কোনো নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী লোৱা নাই যদিও কিছুদিন ধৰি শিলচৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ১৫৭১ টকা বুথত গৈ দলীয় কৰ্মীসকলৰ মাজত প্ৰচাৰ চলাই থকা বুলি মন্তব্য কৰে পৰিমল শুক্লবৈদ্যই বৰ্তমান।

ইফালে, অহা ৩ এপ্ৰিলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বৰাকৰ শিলচৰ আৰু কৰিমগঞ্জ সংসদীয় সমষ্টিৰ প্ৰাৰ্থী ক্ৰমে পৰিমল শুক্লবৈদ্য আৰু কৃপানাথ মাল্লাই মনোনয়ন দাখিল কৰিব বুলি সদৰী কৰে পৰিমল শুক্লবৈদ্যই। মনোনয়ন জমা দিয়াৰ সময়ত কেইবাহাজাৰ দলীয় নেতা কৰ্মীয়ে সমদল কৰি ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়লৈ আহিব। বিজেপিয়ে দুইৰ পৰা আঢ়ৈ লাখ ভোটৰ ব্যৱধানত শিলচৰত জয়ী হব বুলি উল্লেখ কৰে সোধাতপৰিমল শুক্লবৈদ্যই ।

শিলচৰত ব্যতিক্ৰমী ৰূপত পৰিমল শুক্লবৈদ্য...
অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত কি ক'লে আমেৰিকাই?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in