/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-12/0d08ji8q/barak 12.jpg)
ভূমিস্খলনৰ ফলত সম্পূৰ্ণৰূপে বন্ধ ৬ নং শিলচৰ-শ্বিলং-গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথ...
ডিজিটেল সংবাদ শিলচৰ: মেঘালয়ত পুনৰ ভয়ংকৰ ভূমিস্খলন সংঘটিত হৈছে। চুবুৰীয়া ৰাজ্যখনৰ কুলিয়াং এলেকাত সংঘটিত হৈছে এই ভূমিস্খলন। নিশাৰ পৰা হোৱা প্ৰৱল বৰষুণৰ ফলত পাহাৰৰ পৰা বোকা মাটি আৰু শিল খহি ৬ নম্বৰ শিলচৰ-শ্বিলং- গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণ ৰূপে পুতি পেলাইছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-12/icmms66j/2e975b03-7041-4fcc-ba18-a215c3e2ee84.jpg)
ফলত সম্পূৰ্ণ বন্ধ হৈ পৰিছে ৬ নম্বৰ শিলচৰ-শ্বিলং-গুৱাহাটী ৰাষ্ট্ৰীয় পথ। ফলত বৰাকসহ চুবুৰীয়া ৰাজ্য মণিপুৰ, ত্ৰিপুৰা আৰু মিজোৰাম দেশৰ বাকী অংশৰ সৈতে পথ যোগাযাগ বিচ্ছিন্ন হৈ পৰিছে।
ভূমিস্খলনৰ ফলত পথছোৱাত কেবা শ যানবাহন আবদ্ধ হৈ পৰিছে। বিশেষকৈ যাত্ৰীবাহী বাহনৰ যাত্ৰীসকলৰ মাজত হাহাঁকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইফালে, বন্ধ হোৱা পথছোৱা মুকলি কৰিবলৈ ইষ্ট জয়ন্তীয়া হিলছ জিলা প্ৰশাসনে আৰু সংশ্লিষ্ট বিভাগে কাম আৰম্ভ কৰিছে।
Also Read: লংকাৰ কাকীত অবৈধ অস্ত্ৰসহ এজনক আটক...