লংকাৰ কাকীত অবৈধ অস্ত্ৰসহ এজনক আটক...

এটা পিষ্টল আৰু দুটা সজীৱ গুলী উদ্ধাৰ

author-image
Asomiya Pratidin
New Update
লংকাৰ কাকীত অবৈধ অস্ত্ৰসহ এজনক আটক...

লংকাৰ কাকীত অবৈধ অস্ত্ৰসহ এজনক আটক...

ডিজিটেল সংবাদ লংকাঃ লংকাৰ কাকীত অবৈধ অস্ত্ৰৰ সৈতে এজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছে কাকী আৰক্ষীয়ে। দেওবাৰে পাছবেলা এক গোপন সূত্ৰৰ আধাৰত অভিযান চলাই কাকী আৰক্ষীয়ে ৰামপুৰৰ পৰা আটক কৰে অবৈধ অস্ত্ৰ সৰবৰাহৰ সৈতে জড়িত জমিৰ উদ্দিনক।

Advertisment

জমিৰ উদ্দিনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এটা ৭ পইণ্ট ৬৫ এম এম পিষ্টল আৰু দুটা সজীৱ গুলী জানিব পৰা মতে অস্ত্ৰ সৰবৰাহৰ সৈতে জড়িত থকা জমিৰ উদ্দিন দক্ষিণ দেৱস্থানৰ মৌজাদাৰ।

আৰক্ষীয়ে অবৈধ অস্ত্ৰ আৰু দুটা গুলীৰ উপৰিও কেতবোৰ আপত্তিজনক সামগ্ৰীও জব্দ কৰিছে বুলি জানিব পৰা গৈছে।

Also Read: ৰাজ্যসভাৰ দুই আসনৰ বাবে বিজেপিৰ ১১ জনৰ আবেদনঃ বিধানসভা উপ-নিৰ্বাচনৰো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ ...

অবৈধ অস্ত্ৰ উদ্ধাৰ লংকা