গৃহ সমষ্টিত ভোটাৰক কৃতজ্ঞতা জ্ঞাপন নৱ-নিৰ্বাচিত সাংসদ পৰিমল শুক্লবৈদ্যৰ

গৃহ সমষ্টিত ভোটাৰক কৃতজ্ঞতা জ্ঞাপন নৱ-নিৰ্বাচিত সাংসদ পৰিমল শুক্লবৈদ্যৰ

ডিজিটেল সংবাদ, শিলচৰঃ প্ৰথমবাৰৰ বাবে সাংসদ নিৰ্বাচিত হোৱাৰ পিচত বুধবাৰে গৃহ সমষ্টি ধলাইৰ বিভিন্ন এলেকাত গৈ ভোটাৰসকলক ধন্যবাদ জনায় শিলচৰৰ নৱ নিৰ্বাচিত বিজেপি সাংসদ তথা মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। বিধায়ক হিচাপে দীৰ্ঘকাল নিৰ্বাচিত হোৱা গৃহ সমষ্টি ধলাইৰ বৰজালেংগা, ধলাই, পালেংঘাট মণ্ডলত গৈ তেওঁক প্ৰথমবাৰৰ বাবে সাংসদ নিৰ্বাচিত কৰা ভোটাৰ সকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে নৱ নিৰ্বাচিত সাংসদগৰাকীয়ে।

সুদীৰ্ঘ ৩৫ বছৰ ধৰি ধলাই বিধান সভা সমষ্টিৰ পৰা ৰাজনীতি কৰি কেইবাবাৰো অসম চৰকাৰৰ মন্ত্ৰীৰ পদ অলংকৃত কৰা পৰিমল শুক্লবৈদ্যই সাংসদ নিৰ্বাচিত হোৱাৰ পিচত বৰ্তমান বিধায়কৰ পদ ইস্তফা দিব লাগিব। সেয়ে ধলাই বাসীৰ পৰা বিধায়ক হিচাপে বিদায় ল'ব লগাত শুক্লবৈদ্যই যথেষ্ট আৱেগিক হৈ পৰে। ১৯৯১ চনত ধলাই সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিধায়ক নিৰ্বাচিত হোৱাৰ সময়ত মাতৃ অসুস্হ হৈ শয্যাগত হৈ আছিল। কিন্তু বিধানসভাৰ অধিৱেশনত উপস্থিত থাকিব লগা হোৱাত জন্মদাতৃ মাতৃৰ সেৱা কৰিব নোৱাৰিলে বুলি আবেগিক হৈ পৰে।

ইফালে, পৰিমল শুক্লবৈদ্য বিধায়ক পদৰ পৰা ইস্তফা দিয়াৰ পিচত ধলাইত অনুষ্ঠিত হ'বলগা উপ নিৰ্বাচনৰ বাবে নিজৰ ঘৰৰ কোনো সদস্যকে প্ৰাৰ্থী প্ৰক্ষেপ নকৰে বুলি স্পষ্ট কৰি দিয়ে পৰিমল শুক্লবৈদ্যই। ধলাই আৰু দলৰ হৈ নি:স্বাৰ্থভাৱে কাম কৰা যিকোনো লোকক দলে প্ৰাৰ্থী নিৰ্বাচিত কৰিব বুলি মন্তব্য কৰে শুক্লবৈদ্যই।

গৃহ সমষ্টিত ভোটাৰক কৃতজ্ঞতা জ্ঞাপন নৱ-নিৰ্বাচিত সাংসদ পৰিমল শুক্লবৈদ্যৰ
নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস পালন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in