নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস পালন

নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস পালন

author-image
Asomiya Pratidin
New Update
নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস পালন

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত আৰু অসম সাহিত্য সভাৰ শতদল শাখা হিচাপে স্বীকৃত টিহুৰ ওচৰৰ হাৰিভাঙা শাখা সাহিত্য সভাৰ সহযোগত ৫ জুনত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। এই উপলক্ষে হাৰিভাঙা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যালয় চৌহদত পুৱা ৬বজাত নিমগছৰ কেইবাটাও পুলি ৰোপণৰ পাছত প্ৰতিপালনৰ দিহা কৰা হয়।

Advertisment

উক্ত কাৰ্যসূচী নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই পৰিচালনা কৰে। এই কাৰ্যসূচীত অসম সাহিত্য সভাৰ বিশেষভাৱে আমন্ত্ৰিত সদস্য প্ৰমোদ ডেকা, নলবাৰী জিলা সাহিত্য সভাৰ কবি সন্মিলন উপ সমিতিৰ কাৰ্যকৰী সভাপতি ডঃ মন্‌জু হালৈ, শাখাখনৰ সভাপতি ৰাজেন্দ্ৰনাথ শৰ্মা, সহকাৰী সম্পাদক অজিত ভট্ট আৰু সদস্য তৰুণ বৰ্মনে বিশেষভাৱে সহযোগ আগবঢ়ায়। নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত শাখা সাহিত্য সভাবোৰেও বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে।

Also Read: ঢকুৱাখনাত বিশ্ব পৰিৱেশ দিৱস উদযাপন...

world env AASAM SAHITYA SABHA nalbari