/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/0160c25b-cfc1-44ee-9906-06da3fddd8d3/265.jpg)
ডিজিটেল সংবাদ,শিলচৰ : শনিবাৰে নিশা শিলচৰত বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰা হৈছে। নিশা শিলচৰৰ ঘুংগুৰ আতালবস্তি বাইপাচৰ পৰা জব্দ কৰে নিচাজাতীয় সামগ্ৰীখিনি।
জানিব পৰা মতে মিজোৰামৰ পৰা অহা এখন চাৰিচকীয়া বাহনৰ গোপন চেম্বাৰৰ পৰা জব্দ কৰা হয় হেৰ'ইন খিনি। ৬০ টা চাবোনৰ বাকচ আৰু ডাঙৰ ৯টা পেকেটৰ পৰা উদ্ধাৰ কৰা হয় হেৰ'ইনখিনি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/7960d5bf-ecf6-4e35-b97a-1d98cebd2562/f976c7f6-f777-4da6-b12f-99dfb2a43ac4.jpg)
৬০ টা চাবোনৰ বাকচৰ পৰা ১.৫৪৭ কেজি আৰু ৯টা ডাঙৰ পেকেটৰ পৰা ৮.৭৮৬ কেজিসহ মুঠ ১০.৩৩৩ কেজি হেৰ'ইন জব্দ কৰা হয়। জব্দ কৰা হেৰ'ইনৰ মূল্য প্ৰায় ১০৫ কোটি টকা বুলি সদৰী কৰে আৰক্ষীয়ে।
হেৰ'ইন সৰবৰাহৰ অভিযোগত মিজোৰামৰ তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত লোককেইগৰাকীৰ নাম হৈছে- লালট্লানজবা (৩১), মালাচাৱমেংগী(৩৬) আৰু ডানিয়াল চি লালচাংমা (৩২)।
Also Read: মণিপুৰত বুজন পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ