কাছাৰত কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ

ধৃত সৰবৰাহকাৰী কেইজনক সম্প্ৰতি ডি আৰ আয়ে জেৰা অব্যাহত ৰাখিছে
কাছাৰত কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ

ডিজিটেল সংবাদ,শিলচৰ : কাছাৰত ডি আৰ আই আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে চলোৱা যুটীয়া অভিযানত কেইবাকোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰা হয়। শনিবাৰে মেঘালয় সীমান্তৱৰ্তী শিলচৰ- শ্বিলং ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিগৰখালত চলোৱা অভিযানত এখন ট্ৰাকৰ পৰা ১ লাখ য়াবা টেবলেট জব্দ কৰে।

জানিবলৈ দিয়া অনুসৰি, ইম্ফলৰ পৰা কাছাৰৰ কালাইনলৈ অনাৰ সময়তে নিচাজাতীয় টেবলেটখিনি জব্দ কৰে। জব্দ কৰা টেবলেটৰ মূল্য প্ৰায় ১০ কোটি টকা হ'ব। নিষিদ্ধ ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ অভিযোগত ৩জন সৰবৰাহকাৰীক আটক কৰে।

ধৃত লোক কেইজনৰ পৰা লাভ কৰা পৰিচয় অনুসৰি তেঁওলোক হ'ল- মণিপুৰ চুৰাচান্দপুৰ জিলাৰ নাওৰেম অৰুন সিং, ত্ৰিপুৰা চেপাহি জিলাৰ বাহাৰ মিঞা আৰু উত্তম সৰকাৰ । এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, উক্ত অভিযানত এখন অ'ল্টো বাহনো জব্দ কৰা হয়। ধৃত সৰবৰাহকাৰী কেইজনক সম্প্ৰতি ডি আৰ আয়ে জেৰা অব্যাহত ৰাখিছে।

কাছাৰত কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ
যুঁজ এখন হ'ব বাপু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in