নৃশংস! মাতৃয়ে পানীত বুৰাই হত্যা কৰিলে দুই কনমানিক

কাছাৰৰ সোনাই হাতিখালত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। জন্মদাত্ৰী মাতৃয়ে হত্যা কৰিলে নিজ দুই কন্যা সন্তানক

author-image
Asomiya Pratidin
New Update
নৃশংস! মাতৃয়ে পানীত বুৰাই হত্যা কৰিলে দুই কনমানিক

ডিজিটেল ডেস্কঃ কাছাৰৰ সোনাই হাতিখালত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। জন্মদাত্ৰী মাতৃয়ে হত্যা কৰিলে নিজ দুই কন্যা সন্তানক। পানীত বুৰাই ডেৰ বছৰীয়া আৰু তিনি বছৰীয়া দুই কন্যা সন্তানক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে মাতৃৰ বিৰুদ্ধে।

Advertisment

শুকুৰবাৰে এই ভয়ংকৰ হত্যাকাণ্ডৰ কথা পোহৰলৈ অহাৰ পাছত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে আজমিৰা বেগম নামৰ মহিলাগৰাকীয়ে বৃহস্পতিবাৰে নিশা স্বামী বাবুল হুছেইনৰ লগত কাজিয়াত লিপ্ত হয়।

অভিযোগ অনুসৰি দুই কন্যা সন্তানক পুখুৰীত লৈ গৈ পানীত বুৰাই হত্যা কৰি মৃতদেহ দুয়োটা ঘৰত লৈ আহে মাতৃয়ে। পুৱা স্বামীয়ে প্ৰত্যক্ষ কৰে যে আজমিৰা বেগমে মৃতদেহ দুয়োটাৰ কাষত বহি কান্দি আছে। স্বামীয়ে দুই কন্যা সন্তানৰ কেনেকৈ মৃত্যু হৈছে বুলি প্ৰশ্ন কৰিলে স্বামীৰ ওচৰত হত্যাৰ কথা স্বীকাৰ কৰে পত্নী আজমিৰা বেগমে ।

ভয়ংকৰ এই ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ দুয়োটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজত প্ৰেৰণ কৰে ৷ লগতে অভিযুক্ত মাতৃক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

Also Read: 'এক ৰাষ্ট্ৰ-এক নিৰ্বাচন' : প্ৰাক্তন ৰাষ্ট্ৰপতিৰ অধ্যক্ষতাত সমিতি গঠন কেন্দ্ৰৰ

Assam police