চুৰিৰ অভিযোগ নৃশংভাৱে প্ৰহাৰ অটোচালকক, একাংশই জ্বলাই দিলে বাহন

চুৰিৰ অভিযোগ নৃশংভাৱে প্ৰহাৰ অটোচালকক, একাংশই জ্বলাই দিলে বাহন

author-image
Asomiya Pratidin
New Update
চুৰিৰ অভিযোগ নৃশংভাৱে প্ৰহাৰ অটোচালকক, একাংশই জ্বলাই দিলে বাহন

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ সংঘটিত মৰেল পুলিচিঙৰ ঘটনা। গৰু চুৰিৰ অভিযোগত অটো চালকক দলবদ্ধ আক্ৰমণ। কাছাৰ জিলাৰ ধলাই ভূৱনডৰ কলনিত সংঘটিত হয় এই ঘটনা।

Advertisment

গৰু চুৰিৰ অভিযোগত এগৰাকী অটো চালক নিৰ্মম প্ৰহাৰ কৰে একাংশই । আনকি যুৱকজনৰ বাহনখনো ৰাজপথত অগ্নিসংযোগ কৰি জ্বলাই দিলে। ঘটনা যোৱা বুধবাৰৰ।

জানিব পৰা মতে, ধলাই পুনিখালৰ বাসিন্দা তাজিম উদ্দিন নামৰ এগৰাকী অটো চালক নিজ অটোখন লৈ যোৱাৰ সময়ত ধলাই ভূৱনডৰ কলনিত একাংশ লোকে তেওঁক গৰু চোৰ সন্দেহ কৰি আটক কৰে। ইয়াৰ পাছত উত্তেজিত লোকসকলে চালক জনক গৰু চুৰিৰ অভিযোগত বাহনৰ পৰা নমাই দলবদ্ধ আক্ৰমণ কৰে ।

মৰেল পুলিচৰ দলবদ্ধ আক্ৰমণত ঘটনাস্থলীত অজ্ঞান হৈ পৰে চালকজন। ইমানতে শান্ত নহৈ দলেটোৱে যুৱকজনৰ অটোখনত অগ্নি সংযোগ কৰি ৰাজপথত জ্বলাই দিয়ে। পিছক ঘটনাৰ ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চালকজনক উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজত প্ৰেৰণ কৰে ।

এই আক্ৰমণত চালক তাজিম উদ্দিনৰ হাত ভৰি ভাঙি গৈছে বুলি জানিব পৰা গৈছে । বৰ্তমান তেওঁ SMCH ত চিকিৎসাধীন হৈ আছে। আনহাতে এই ঘটনাৰ পাছত চালক তাজিম উদ্দিনৰ পৰিয়ালে ধলাই আৰক্ষী চকীত এক গোচৰ ৰুজু কৰি ঘটনাৰ লগত জড়িত সকলৰ বিৰুদ্ধে উচিত শাস্তিৰ দাবী কৰিছে ।

Also Read: কাজিৰঙা ভ্ৰমণ কৰি আপোনপাহৰা হৈ পৰিল মুম্বাইৰ পৰ্যটক

Assam police