পূজাৰ ভিৰৰ মাজত যানবাহন আৰক্ষীৰ ৰূপত এগৰাকী বিধায়ক...

পূজাৰ ভিৰৰ মাজত যানবাহন আৰক্ষীৰ ৰূপত এগৰাকী বিধায়ক...

author-image
Asomiya Pratidin
New Update
পূজাৰ ভিৰৰ মাজত যানবাহন আৰক্ষীৰ ৰূপত এগৰাকী বিধায়ক...

পূজাৰ ভিৰৰ মাজত যানবাহন আৰক্ষীৰ ৰূপত এগৰাকী বিধায়ক...

ডিজিটেল সংবাদ শিলচৰঃ নবমীৰ নিশা ৰাজ্যৰ পূজা মণ্ডপ সমূহত দেখা গৈছে উখল মাখল পৰিবেশ। সকলো ব্যস্ত নবমীৰ পূজা চোৱাত। পূজাৰ মণ্ডপে মণ্ডপে পুৱাৰ পৰা ভক্তৰ ভিৰ।

Advertisment

কিন্তু ৰাজ্যৰ এগৰাকী বিধায়কে পূজা চোৱাৰ পৰিবৰ্তে ব্যস্ত হৈ পৰিছে যানজঁট নিয়ন্ত্ৰণ কৰাত। উদাৰবন্দ বিধানসভা সমষ্টিৰ বিধায়ক মিহিৰ কান্তি চোম পূজাৰ বতৰত ব্যস্ত হৈ পৰিছে যানজঁট নিয়ন্ত্ৰণ কৰাত।

উদাৰবন্দৰ ভি আই পি পথত যানজঁট নিয়ন্ত্ৰণ কৰিছে বিধায়ক মিহিৰ কান্তি চোমে। উদাৰবন্দৰ কালীবাৰী ৰোডৰ পূজা চাবলৈ অহা দৰ্শনাৰ্থীসকলক পূজাস্হলীলৈ যোৱাৰ বাবে যান বাহন নিয়ন্ত্ৰণ কৰা দেখা গৈছে তেওঁক ।

সোমবাৰে সন্ধিয়াৰে পৰা প্ৰায় দুঘন্টা ধৰি এইদৰেই যান বাহন নিয়ন্ত্ৰণত ব্যস্ত থাকিল বিধায়ক মিহিৰ কান্তি চোম। ইয়াকে লৈ দৰ্শনাৰ্থীসকলৰ মাজত দেখা গৈছে ব্যাপক উৎসুকতা।

Also Read: এছিয়ান পেৰা গেমছত অৱনী, প্ৰণৱৰ ঐতিহাসিক স্বৰ্ণ অৰ্জন...

দুৰ্গা পূজা