৫ বছৰীয়া সন্তান, স্বামীক এৰি প্ৰেমিকৰ সৈতে পলায়ন মহিলাৰ...

৫ বছৰীয়া সন্তান, স্বামীক এৰি প্ৰেমিকৰ সৈতে পলায়ন মহিলাৰ...

ডিজিটেল সংবাদ,বৰবৰুৱাৰঃ পৰকীয়া প্ৰেমত মচগুল হৈ ৫ বছৰীয়া পুত্ৰ সন্তানসহ স্বামীক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিলে মহিলাই । ইয়াৰ পিছতে এতিয়া পৰিয়ালটিত হাহাকাৰময় পৰিস্থিতি সৃষ্টি হৈছে ।

অভিযোগ অনুসৰি ডিব্ৰুগড় জিলাৰ লেপেটকটা আৰক্ষী চকীৰ অন্তৰ্গত কুটোহাৰ দ্বীপমইনা কছাৰী নামৰ ব্যক্তিজনৰ পত্নী দুদিন পূৰ্বে পৰকীয়া প্ৰেমিকৰ সৈতে পলায়ন কৰে । মহিলা গৰাকীৰ স্বামীয়ে জানিবলৈ দিয়া অনুসৰি, ইনষ্টাগামত দিয়া ফোন নম্বৰ পাই বিকাশ বৰা নামৰ ব্যক্তিজনে তিনি মাহ ধৰি পাপৰি কছাৰীৰ সৈতে গোপনীয়ভাৱে বাৰ্তালাভ কৰি আহিছিল । উক্ত কথা স্বামীয়ে জানিব পাৰি বাধা প্ৰদান কৰিছিল যদিও মহিলাগৰাকীয়ে বিকাশ বৰা নামৰ ব্যক্তিজনৰ প্ৰলোভনত পৰি পলাই যোৱাৰ সন্দেহ কৰিছে স্বামীয়ে ।

ইতিমধ্যে উক্ত ঘটনাৰ সন্দৰ্ভত লেপেটকতা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে মহিলাগৰাকীৰ স্বামী দ্বীপমইনা কছাৰীয়ে । ইফালে মহিলাগৰাকীৰ আত্মীয়ই ফোন কৰি জানিব পাৰিছে যে, বিকাশ বৰা নামৰ ব্যক্তিজনৰ সৈতে ৰেলেৰে বহিঃৰাজ্যলৈ গৈ থকাৰ কথা অৱগত হৈছে ।

স্থানীয়লোকে উক্ত ঘটনাক সহজভাৱে লোৱা নাই কাৰণ পাপৰীয়ে নাৰী সৰবৰাহকাৰী প্ৰলোভনত পৰাৰ সন্দেহ কৰিছে । আৰক্ষী তথা প্ৰশাসনক এই ক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰি পাপৰীক উদ্ধাৰ কৰাৰ লগতে অপৰাধীক উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে।

৫ বছৰীয়া সন্তান, স্বামীক এৰি প্ৰেমিকৰ সৈতে পলায়ন মহিলাৰ...
ভয়ংকৰ কূটাঘাতৰ লক্ষ্য! ধুবুৰীত গ্ৰেপ্তাৰ দুই ISISৰ নেতা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in