/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/0e0f80b7-9dfe-4847-8b03-322c6155217e/cfgfg.jpg)
ডিজিটেল ডেস্কঃ পূজাৰ পূৰ্বেই নলবাৰীত অঘটন।পুৱাই সংঘটিত এক শোকাবহ ঘটনাই জোকাৰি গ'ল নলবাৰী।
নলবাৰীৰ নিজ পকোৱাত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। ফটকা ফেক্টৰীত সংঘটিত হয় এই অগ্নিকাণ্ড। পকোৱাৰ হৰিহৰ বৈশ্যৰ ৫০-৫০ আতচবাজী নামৰ ফেক্টৰীত সংঘটিত এই অগ্নিকাণ্ডত নিহত এগৰাকী যুৱক।
নিহত যুৱকজন ৰঙিয়াৰ শিৱম বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত ফেক্টৰীৰ ভিতৰত কৰ্মৰত আছিল যুৱক জন । পিছত ফেক্টৰীৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু হয় যুৱকজনৰ।
আনহাতে এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে প্ৰাঞ্জল নামৰ যুৱকজনৰ। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে নলবাৰী আৰক্ষী। আৰক্ষীৰ তৎপৰতাত মৃতদেহ উদ্ধাৰ কৰা হৈছে । আনহাতে অগ্নি নিৰ্বাপক বাহিনীৰলোক উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষয় হয়।
Also Read: এনাজৰীঃ যুৱ সমাজকৰ্মী মৃন্ময় চৌধুৰীলৈ 'বিশেষ এনাজৰী বঁটা'