কাছাৰৰ কেইবাস্থানতো বান-খহনীয়াৰ বুজ ল'লে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই...

উধাৰবন্দৰ আংগাৰজুৰত বৰাকৰ ৪০০ মিটাৰ অংশত মথাউৰি নিৰ্মাণৰ প্ৰতিশ্ৰুতি জলসম্পদ মন্ত্ৰীগৰাকীৰ, বিভাগীয় অভিযন্তাক নিৰ্দেশনা প্ৰদান
কাছাৰৰ কেইবাস্থানতো বান-খহনীয়াৰ বুজ ল'লে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই...
কাছাৰৰ কেইবাস্থানতো বান-খহনীয়াৰ বুজ ল'লে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই...

ডিজিটেল সংবাদ শিলচৰঃ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি দ্বিতীয় দিনাও বৰাক উপত্যকাৰ কেইবাটাও স্থান ভ্ৰমণ কৰি বান আৰু খহনীয়া অধ্যুষিত অঞ্চলৰ বুজ লয়। কাছাৰ জিলাৰ তাৰাপুৰ শিৱবাৰীত বৰাক নদীৰ বাঢ়নী পানীয়ে লোকনিৰ্মাণ বিভাগৰ এটা পথৰ অংশ ক্ষতিগ্ৰস্ত কৰিছিল। মন্ত্ৰী হাজৰীকাই বৃহস্পতিবাৰে এই স্থান পৰিদৰ্শন কৰাৰ পাছৰে পৰা লোকনিৰ্মাণ আৰু জলসম্পদ বিভাগে যুদ্ধকালীন তৎপৰতাৰে পথটি সম্পূৰ্ণ বিচ্ছিন্ন হোৱাৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হৈছে।

আজি মন্ত্ৰীগৰাকীয়ে এই স্থান পুনৰ পৰিদৰ্শন কৰি বিভাগীয় বিষয়া অভিযন্তাক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰাৰ লগতে স্থানীয় ৰাইজক আশ্বাস প্ৰদান কৰে। পাছত মন্ত্ৰী হাজৰীকাই উধাৰবন্দ বিধানসভা সমষ্টিৰ আংগাৰজুৰ আৰু কৰাটিগ্ৰাম অঞ্চল পৰিভ্ৰমণ কৰি বৰাক আৰু মথুৰা নদীৰ বানত ক্ষতিগ্ৰস্ত স্থানৰ বুজ লয়। আংগাৰজুৰত বৰাক নদীৰ পাৰত প্ৰায় ৪০০ মিটাৰ অংশ উন্মুক্ত হৈ থকাত কাষৰীয়া অঞ্চলত বানৰ সৃষ্টি হোৱাত মন্ত্ৰী হাজৰীকাই বাৰিষাৰ পাছতে এই স্থানত মথাউৰি নিৰ্মাণ কৰা হ'ব বুলি স্থানীয় ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰে।

আনহাতে মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত স্থানীয় ৰাইজৰ সহযোগিতাও মন্ত্ৰীগৰাকীয়ে কামনা কৰে। আনহাতে কৰাটিগ্ৰামত মথুৰা নদীৰ বানত ক্ষতিগ্ৰস্ত অঞ্চল মটৰ চাইকেলেৰে পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগে কৰিবপৰা কামসমূহ কৰাৰ ব্যৱস্থা লোৱা হ'ব বুলি মন্তব্য প্ৰকাশ কৰে। এই স্থানতে থকা বানত ক্ষতিগ্ৰস্ত বিভাগীয় এখন শ্লুইছ গেট মেৰামতিৰ ব্যৱস্থা ল'বলৈ বিভাগীয় অভিযন্তাক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে ।

ইয়াৰ পৰা মন্ত্ৰী হাজৰীকাই লক্ষীপুৰ সমষ্টিৰ পালাৰবন্দত উপস্থিত হৈ পালাৰবন্দ-লক্ষীপুৰ সংযোগী পথৰ চিৰি নদীৰ ওপৰত থকা দলঙৰ ক্ষতিগ্ৰস্ত অংশ পৰিদৰ্শন কৰে। এই দলংখনৰ এটা মূৰত বহি যোৱাৰ ফলত পথটিৰে যাতায়ত বন্ধ আছে আৰু বৃহৎ অঞ্চলটোৰ ৰাইজে সমস্যাৰ সন্মুখীন হৈছে। মন্ত্ৰীগৰাকীয়ে আজিৰ পৰিদৰ্শনৰ সময়ত পথৰ ক্ষতিগ্ৰস্ত অংশ যাতে বাঢ়ি নাযায় তাৰ তৎকালীন ব্যৱস্থা ল'বলৈ লোকনিৰ্মাণ আৰু জলসম্পদ বিভাগৰ বিষয়াসকলক নিৰ্দেশনা প্ৰদান কৰে।

আজিৰ পৰিদৰ্শনৰ সময়ত উপস্থিত সাংবাদিকক উদ্দেশ্যি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে- বৰাক উপত্যকাত এইকেইদিন হোৱা বানৰ তাৎক্ষণিক কাৰকবোৰ জানিবলৈ জলসম্পদ বিভাগৰ তৰফৰ পৰা প্ৰয়াস কৰি থকা হৈছে আৰু বান ৰোধিবলৈ সম্ভৱপৰ সকলো কাম পৰ্যায়ক্ৰমে কৰা হ'ব । আনহাতে তিনিওখন জিলাতে মথাউৰিৰ চিগা অংশসমূহ অহা ১৫ দিনৰ ভিতৰত জিঅ' টিউবৰ সহায়ত বন্ধ কৰি দিয়া হ'ব বুলি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে ।

কাছাৰৰ কেইবাস্থানতো বান-খহনীয়াৰ বুজ ল'লে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই...
ৰাজ্যবাসীক দুৰ্যোগত এৰি থৈ প্ৰমোদ ভ্ৰমণত ব্যস্ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা: আপ, অসম

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in