ৰাজ্যবাসীক দুৰ্যোগত এৰি থৈ প্ৰমোদ ভ্ৰমণত ব্যস্ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা: আপ, অসম

০ বান ক্ষতিগ্ৰস্তক পৰ্যাপ্ত সাহায্য প্ৰদানত চৰকাৰৰ ব্যৰ্থতা ০ বানপানী-ধুমুহা-ভূমিস্খলনত নিহতৰ নিকটাত্মীয়লৈ এককালীন সাহায্য প্ৰদানৰ দাবী আপৰ ০ লিডু-মাৰ্ঘেৰিটাত অবৈধ কয়লাখনন সন্দৰ্ভত চৰকাৰ নিমাত কিয়? প্ৰশ্ন ডাঃ ভবেন চৌধুৰীৰ
ৰাজ্যবাসীক দুৰ্যোগত এৰি থৈ প্ৰমোদ ভ্ৰমণত ব্যস্ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা: আপ, অসম
ৰাজ্যবাসীক দুৰ্যোগত এৰি থৈ প্ৰমোদ ভ্ৰমণত ব্যস্ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা: আপ, অসম

ডিজিটেল সংবাদ গুৱাহাটীঃ "শেহতীয়াভাৱে সমগ্ৰ ৰাজ্যখনেই প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰিছে। ৰীমল ঘূৰ্ণিবতাহৰ প্ৰভাৱত পৰা গুৱাহাটী মহানগৰীৰ লালগনেশৰ পাহাৰীয়া অঞ্চলত ভূমিস্খলনৰ ফলত এটি তিনিবছৰীয়া শিশুৰ মৃত্যু আৰু ছয়গাঁৱৰ সাপৰটাৰীত ধুমুহাত গছ ভাঙি পৰাৰ ফলত ললিত দাস নামৰ এজন লোকৰ মৃত্যু হয়। ৰাজ্য চৰকাৰে বৰ্তমানলৈকে এই পৰিয়ালসমূহলৈ কোনো ধৰণৰ সহায়-সাহায্য আগবঢ়োৱা নাই। তদুপৰি ৰাজ্যজুৰি ধুমুহা বিপৰ্যয়ৰ লগে লগে ৯ খন জিলাৰ ৪ শতাধিক গাওঁ বানৰ কবলত পৰিছে। হাইলাকান্দিত বানপানীত প্ৰাণ হেৰুৱাইছে দুগৰাকী লোকে। এই সময়ত ৰাজ্যৰ বাহিৰত প্ৰমোদ ভ্ৰমণত ব্যস্ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। এয়া এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ চৰম দায়িত্বজ্ঞানহীনতা। আম আদমী পাৰ্টিয়ে বান তথা প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকৰ পৰিয়াললৈ পৰ্যাপ্ত সাহায্য প্ৰদানৰ দাবী জনাওঁ।"

আজি গণেশগুৰিস্থিত আপ অসমৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত এইদৰে মত প্ৰকাশ কৰে আপ অসমৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে । উল্লেখ্য যে সম্প্ৰতি বানৰ কবলত পৰা বৰাক উপত্যকাৰ হাইলাকান্দিত বৃহস্পতিবাৰে আজিবন নেছা মজুমদাৰ নামৰ এগৰাকী ৭০ বছৰীয়া বৃদ্ধা আৰু আবুল হুছেইন বৰভূঞা নামৰ এজন ৩০ বছৰীয়া যুৱকক বাঢ়নী পানীয়ে উটুৱাই নিয়ে। চৰকাৰী তথ্য অনুসৰি ৰাজ্যৰ ২ লাখ লোক বানৰ কবলত পৰিছে।

কিন্তু বৰ্তমানলৈকে চৰকাৰে এই সকল লোকক যথোপযুক্তভাৱে সাহায্য দিয়াত ব্যৰ্থ হৈছে। আম আদমী পাৰ্টিয়ে শীঘ্ৰেই পৰিস্থিতি মোকাবিলা কৰি বানত ক্ষতিগ্ৰস্ত হোৱা হাইলাকান্দি, নগাঁও,হোজাই, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি জিলাৰ প্ৰশাসনক জৰুৰী কালীন ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

তদুপৰি, বিগত ২৫ মে'ত মাৰ্ঘেৰিটাৰ কয়লাখনিত নিহত তিনিগৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰত চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে সৰৱ হয় আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰী। লিডুৰ টিকক কলীয়ৰী ৱেষ্ট আৰু নামদাঙৰ মাজত থকা অবৈধ ৰেট হোলত আৱদ্ধ হৈ বহিঃৰাষ্ট্ৰ নেপালৰ দাৱা শ্বেৰ্পা, মেঘালয়ৰ জন আৰু ফিনাল নামৰ শ্ৰমিক কেইজনৰ মৃতদেহ বৰ্তমানলৈকে চৰকাৰে উদ্ধাৰ কৰিব পৰা নাই। শাসনাধিষ্ঠিত মহলৰ পৃষ্ঠপোষকতাত মাৰ্ঘেৰিটাৰ এই অবৈধ কয়লাখনন চলি আছে। কিন্তু চৰকাৰখনে খনিত নিহত শ্ৰমিকৰ জীৱনৰ নিৰাপত্তাৰ বিষয়ে চিন্তা কৰা নাই। ইয়াৰ পূৰ্বেও মাকুমৰ প্ৰাঞ্জল মৰাণ নামৰ এজন শ্ৰমিকৰ মৃত্যু হৈছিল। আমি নিহত শ্ৰমিকৰ মৃতদেহ উদ্ধাৰৰ লগতে অবৈধ কয়লাখনিৰ সৈতে জড়িত সকলো পক্ষৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাওঁ।"

আপৰ সভাপতিগৰাকীয়ে অবৈধ কয়লাখনন সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা মন্তব্যৰ তীব্ৰ সমালোচনা কৰে। তেওঁ কয়, ''মুখ্যমন্ত্ৰীয়ে অসমত অবৈধ কয়লাখনন চলি থকা নাই বুলি দাবী কৰিছিল। লিডু-মাৰ্ঘেৰিটাৰ ৰেট হোলত শ্ৰমিকৰ মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে উত্তৰ দিয়া উচিত। শাসক দলৰ ক্ষমতাশালী লোক ছিণ্ডিকেটৰ সৈতে জড়িত থকাৰ বাবেই এই ক্ষেত্ৰত গা এৰা দিয়া মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।" সংবাদমেলত ডাঃ ভবেন চৌধুৰীৰ উপৰি দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক ভিক্টৰ গগৈ আৰু মিডিয়া বিভাগৰ সম্পাদক আমিৰ হুছেইন উপস্থিত থাকে ।

ৰাজ্যবাসীক দুৰ্যোগত এৰি থৈ প্ৰমোদ ভ্ৰমণত ব্যস্ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা: আপ, অসম
অতুল বৰাৰ ৰঙালাও খেতি আৰু থলুৱা ঐতিহাসিক কৃষি সংস্কৃতিৰ মেলাচিকাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in