/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/80da97a0-6604-4150-917a-5d2bb23db4d4/98.jpg)
ডিজিটেল সংবাদ,শিলচৰ : শিলচৰ লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্য ন্যূনতম ৩ লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব। কাছাৰৰ কাটিগড়াত মঙলবাৰে অনুষ্ঠিত এখন বিশাল জনসভা সম্বোধন কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এইদৰে মন্তব্য কৰে।
তেওঁ আৰু কয়- দেশে কেবাগৰাকীও প্ৰধানমন্ত্ৰী লাভ কৰিছে যদিও নৰেন্দ্ৰ মোদীৰ দৰে প্ৰধানমন্ত্ৰী পোৱা নাই। বিগত ১০ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমাক নেতৃত্ব দি ভাৰতবৰ্ষক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰি আমাক গৌৰাবান্বিত কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/79c90a41-949e-4c81-bfae-cd981987ea64/18697562_29a7_4daf_b3b2_1e0bf3a116c8.jpg)
ইয়াৰোপৰি কয় যে কংগ্ৰেছে ৬০ বছৰে দেশ শাসন কৰি বিশ্বৰ বজাৰত ভাৰতৰ গুৰুত্ব নাইকিয়া কৰি দিছিল। কিন্তু নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হৈ ১০ বছৰ দেশ চলোৱাৰ পিছত আজি ভাৰতবৰ্ষ বিশ্ব অৰ্থনীতিৰ পঞ্চমখন দেশলৈ উন্নীত হৈছে। যি ব্ৰিটিছে আমাৰ ওপৰত ৰাজত্ব কৰি থৈ গৈছিল, সেই ব্ৰিটিছক পিছ পেলাই ভাৰতক আজি পঞ্চম অৰ্থনীতিৰ দেশলৈ উন্নীত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/6820b6cd-b8af-4c1b-88da-28f57aab0d99/2936fd20_8156_4531_b37a_b0430cc51342.jpg)
এতিয়া আমাৰ লক্ষ্য চীনক পিছ পেলাই তৃতীয় অৰ্থনীতিৰ দেশ হোৱা। প্ৰধানমন্ত্ৰী মোদীৰ লক্ষ্য হল আমি কিদৰে সৰ্বশ্ৰেষ্ঠ বিশ্বগুৰু হ'ব পাৰো তাৰ বাবে কাম কৰা। বিগত ১০ বছৰত সমগ্ৰ দেশত কিদৰে কামসমূহ হৈ আছে আমি প্ৰত্যেকই দেখিছো। বিগত ১০ বছৰত কেন্দ্ৰীত নৰেন্দ্ৰ মোদী আৰু ৰাজ্যত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ হোৱাৰ পিছত বৰাক উপত্যকাত বহু উন্নয়নমূলক কাম হৈছে বুলি মন্ত্ৰীগৰাকীয়ে কয়।
আজিৰ পৰা ১০ বছৰ পূৰ্বৰ বৰাক ভেলীৰ ৰাস্তা-ঘাট বহুত বেয়া আছিল বুলি উল্লেখ কৰি এতিয়াৰ ৰাস্তা-ঘাট বহুত উন্নত হোৱা বুলি কয়। তেওঁ বিজেপি চৰকাৰৰ দিনত এটকা নিদিয়াকৈ চৰকাৰী চাকৰি লাভ কৰা, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে নতুন প্ৰজন্মৰ প্ৰত্যেকেই ব্য়ৱসায় কৰিবলৈ সুবিধা লাভ কৰা আদিৰ বিষয়েও ভাষণত কয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/c63236ec-0eca-44dd-a68b-80b0677a914a/439336223_1074149937405355_7712526118314055889_n.jpg)
আনহাতে ৰেচন কাৰ্ডৰ জৰিয়তে লাভ কৰা সুবিধাসমূহ যেনে অৰুণোদয়, চিকিত্সাৰ বাবে আয়ুষ্মান কাৰ্ড, লাখপতি বাইদেউ আঁচনি, স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে গ্ৰহণ কৰা চৰকাৰী প্ৰদক্ষেপসমূহৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে। সভাৰ শেষত তেওঁ উপস্থিত ৰাইজক শিলচৰ লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যক বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনায়।
Also Read: মঙলদৈত বিজয় সংকল্প সমাবেশত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা