মঙলদৈত বিজয় সংকল্প সমাবেশত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ প্ৰচাৰ

author-image
Asomiya Pratidin
New Update
মঙলদৈত বিজয় সংকল্প সমাবেশত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল সংবাদ,মঙলদৈ : মঙলদৈত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভা 'বিজয় সংকল্প সমাবেশ'ত মঙলবাৰে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ ভেবাৰঘাট খেলপথাৰত অনুষ্ঠিত উক্ত সভাত ড০ শৰ্মাই কয়- আৰু পাঁচ বছৰ চৰকাৰ থাকিলে অসম ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ’ব।

Advertisment

২৬ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰী ড০ শৰ্মাই দিলীপ শইকীয়াক জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায়।

প্ৰায় ৩০ হাজাৰো অধিক লোকৰ উপস্থিতিত প্ৰদান কৰা ভাষণত হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়,আই এ ওৱাই ঘৰ,ৰেচন কাৰ্ড,এক লাখ চাকৰি আদি জনহিতকৰ আঁচনি এটকাও খৰচ নকৰাকৈয়ে যে দুখিয়া দৰিদ্ৰ লোকে লাভ কৰিছে তাক বাখ্যা কৰে। উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ ফলত হিমন্ত বিশ্ব শৰ্মাৰ ভোট দৰং ওদালগুৰি সমষ্টিত হোৱাৰ বাবে সভাত ৰাইজে উৎসাহ লাভ কৰা পৰিলক্ষিত হয়।

ড০ শৰ্মাই ভাষণ প্ৰসঙ্গত কয় যে অসমত আৰু পাঁচ বছৰ বিজেপি দলৰ চৰকাৰ থাকিলে অসম ভাৰতৰ ভিতৰত এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ'ব। আগন্তুক দিনত ৰেচন কাৰ্ড থকা সকলো লোককে অৰুনোদই দিয়া হ'ব লগতে আগন্তুক দিনত আৰু ৫০ হাজাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীক চৰকাৰী চাকৰি দিয়া হ'ব বুলি কয়।

এই বিজয় সংকল্প সমাবেশত প্ৰাৰ্থী দিলীপ শইকীয়া, প্ৰাক্তন সাংসদ ৰমেন ডেকা, ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা, বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, অমিয় কুমাৰ ভূঞা, জিলা প্ৰভাৰী তথা প্ৰাক্তন মন্ত্ৰী ৰেখাৰাণী দাস বড়ো,প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস,প্ৰনৱ নাৰায়ণ দেৱ, দৰং জিলা অসম গণ পৰিষদৰ সভাপতি কমলেশ্বৰ বৰুৱা আদিৰ লগতে বিজেপি তথা এজিপিৰ নেতা কৰ্মীসকল উপস্থিত থাকে।

Also Read: ৫ লাখ চাকমা শৰণাৰ্থীৰ বোজা অসমে নল’বৰ বাবেই বিজেপিক ভোট দিয়াৰ পৰা বিৰত থাকক : ভূপেন বৰা

dr paramananda rajbongshi LOKSABHA 2024