পত্নীক বাইকত বহুৱাই পথ সুৰক্ষা জন আন্দোলন ৰেলীৰ সমাপ্তি মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

২০২২ চনত অসমত ২৯৫৪ গৰাকী আৰু ২০২৩ চনত ৩২৯৬ জন লোকে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে বুলি উল্লেখ কৰে পৰিমল শুক্লবৈদ্যই।
পত্নীক বাইকত বহুৱাই পথ সুৰক্ষা জন আন্দোলন ৰেলীৰ সমাপ্তি মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

ডিজিটেল সংবাদ,শিলচৰ : পত্নীক বাইকত বহুৱাই পথ সুৰক্ষা জন আন্দোলনৰ বাইক ৰেলীত অংশগ্ৰহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ। দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে যোৱা ১৯ নবেম্বৰত কামৰূপ জিলাৰ পৰা যাত্ৰা আৰম্ভ কৰা পথ সুৰক্ষা জন আন্দোলনৰ অন্তিম দিনা পত্নীক বাইকত বহুৱাই বাইক ৰেলীত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে যোৱা ১৯ নবেম্বৰত কামৰূপ জিলাৰ পৰা যাত্ৰা আৰম্ভ কৰা পথ সুৰক্ষা জন আন্দোলনৰ শুক্ৰবাৰে সামৰণি পৰে। পৰিবহন মন্ত্ৰী পৰিমল‌ শুক্লবৈদ্যৰ নেতৃত্বত বাইকেৰে অসমৰ মুঠ ৩৫ খন জিলা সামৰি ৫ হাজাৰ কিলো মিটাৰতকৈয়ো অধিক পথ অতিক্ৰম কৰাৰ পিছত শুক্ৰবাৰে মন্ত্ৰী শুক্লবৈদ্যৰ গৃহ সমষ্টি কাছাৰৰ ধলাইৰ দৰ্মি গ্ৰান্টত পথ সুৰক্ষা জন আন্দোলনৰ সমাপ্তি ঘটায়।

শুক্ৰবাৰে শিলচৰৰ পৰা বাইক ৰেলী আৰম্ভ কৰি ধলাই সমষ্টিৰ দাৰ্মি গ্ৰান্টত ইয়াৰ সামৰণি পৰে। দাৰ্মি গ্ৰান্টত আয়োজিত এই পথ সুৰক্ষা জন আন্দোলনৰ সমাপ্তি অনুষ্ঠানত ভাষণ দি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই প্ৰায় দুই মাহ এসপ্তাহ জোৰা এই দীঘলীয়া যাত্ৰা পথত লাভ কৰা বিভিন্ন অভিজ্ঞতাৰ কাহিনী বৰ্ণনা কৰে।

পথ সুৰক্ষা জন আন্দোলনৰ সমাপ্তিৰ দিনা কিয় পত্নীক বাইকত তুলি ৰেলীত আৰু সমাপ্তি অনুষ্ঠান কিয় পুত্ৰ-কন্যাক অংশগ্ৰহণ কৰালে তাৰো কাৰণ ব্যাখ্যা কৰিলে মন্ত্ৰী গৰাকীয়ে। ৬৫ বছৰ বয়সত ৰাজ্যৰ ৩৫ খন জিলা বাইকেৰে পৰিভ্ৰমণ কৰাত উৎসাহ দিয়া পত্নী আৰু পুত্ৰ কন্যাক ৰাইজৰ সৈতে চিনাকি কৰাই দিয়াৰ বাবেই তেওঁলোকক এই ৰেলী আৰু সভাত অংশগ্ৰহন কৰোৱা হৈছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

২০২২ চনত অসমত ২৯৫৪ গৰাকী আৰু ২০২৩ চনত ৩২৯৬ জন লোকে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে বুলি উল্লেখ কৰে পৰিমল শুক্লবৈদ্যই। ৰাজ্যৰ ৩৫ খন জিলা সামৰি ৫ হাজাৰ ১৬ কি মি মাত্ৰা কৰা তেওঁৰ মৰমৰ বাইকখন ঘৰত সযত্নে ৰাখি থ'ব বুলিও উল্লেখ কৰে পৰিমল শুক্লবৈদ্যই ।

পত্নীক বাইকত বহুৱাই পথ সুৰক্ষা জন আন্দোলন ৰেলীৰ সমাপ্তি মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ
বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদত গণৰাজ্য দিৱস উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in