/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/a4de6d64-16b9-421d-a36c-e4a78786a42c/131.jpg)
ডিজিটেল সংবাদ,ধেমাজি : দেশৰ আন আন প্ৰান্তৰ লগতে ধেমাজি জিলাৰ চিমেন চাপৰিৰ বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদতো বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। পুৱা ৯-০০ বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ অনিল বসুমতাৰীয়ে।
পতাকা উত্তোলন কৰি দিয়া চমু ভাষণত বি কে ডব্লিউ এ চিৰ অধ্যক্ষ অনিল বসুমতাৰীয়ে কয় যে, যিসকল মহান দেশপ্ৰেমিকে অশেষ কষ্ট, ত্যাগ আৰু আত্মবলিদান দি ভাৰতক বৃটিছৰ শাসনৰ পৰা স্বাধীনতা আজুৰি আনিছিল,সেই মহান মনিষীসকলৰ আদৰ্শক সদায়েই জীয়াই ৰাখিব লাগিব। ভাৰতক এখন সমৃদ্ধিশালী, প্ৰগতিশীল আৰু শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে তেখেতসকলৰ যি সপোন সেয়া বাস্তৱায়িত কৰিবলৈ আজিৰ প্ৰজন্মই সংকল্প গ্ৰহণ কৰিব লাগিব বুলি কয়।
অনুষ্ঠানত বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰী, উপাধ্যক্ষ সৃজৌন বসুমতাৰী, কাৰ্য্যবাহী সদস্য প্ৰণৱ বড়ো,দশৰথ বড়ো,বড়ো সাহিত্য সভাৰ জোনাই জিলা সমিতিৰ সভাপতি দিলিপ বসুমতাৰী, সাধাৰণ সম্পাদক বিমল মুছাহাৰী,এবছুৰ ধেমাজি জিলা সমিতিৰ উপদেষ্টা লখেন বসুমতাৰী, মিচিং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰী, ইউবিপিঅৰ ধেমাজি জিলা সমিতিৰ সভাপতি ৰাতিৰাম বসুমতাৰী, উপ সভাপতি চাঞ্চুমা বসুমতাৰী, আবৌফৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদিকা ভাৰতী ব্ৰহ্ম,জোনাই সংহত জনজাতি উন্নয়ন প্ৰকল্পৰ সভাপতি ফৈলাও মুছাহাৰী উপস্থিত থাকে। অনুষ্ঠানত বড়ো কৃষ্টি দলে নৃত্য প্ৰদৰ্শন কৰে।
Also Read: গোলাঘাটত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, নদুৱাৰত বিধায়ক পদ্ম হাজৰিকাই উত্তোলন কৰিলে গণৰাজ্য দিৱসৰ পতাকা