/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/fc68f888-b120-4391-b4c3-dd0488b2ad7c/189.jpg)
ডিজিটেল সংবাদ,শিলচৰ : চুবুৰীয়া ৰাজ্য মণিপুৰৰ ইম্ফল-পূব, থৌবাল, কাকচিং আৰু কাংপোকপি জিলাৰ বিভিন্ন প্ৰান্তৰ দুৰ্গম অঞ্চলত উদ্ধাৰ কৰা হৈছে বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ বিস্ফোৰক সামগ্ৰী। মঙলবাৰে সেনা-আৰক্ষীৰ যৌথ অভিযানত উক্ত অঞ্চলসমূহৰ পৰা উদ্ধাৰ কৰা হয় সামগ্ৰীখিনি।
নিৰাপত্তা বাহিনীৰ দ্বাৰা চলোৱা অনুসন্ধান কালত এইসমূহ আপত্তিজনক সামগ্ৰী আৰু বিস্ফোৰক উদ্ধাৰ কৰে বুলি জানিবলৈ দিয়ে। আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি জব্দকৃত সামগ্ৰীসমূহ হৈছে- দুটা আই .৩০৩ বন্দুক, দেশনিৰ্মিত ৰাইফল, ১৪টা গোলা বাৰুদ, সজীৱ গুলী , ৯এম এম পিষ্টল,হস্তনিৰ্মিত গ্ৰেণেড,মিনি ফ্লেয়াৰ বন্দুক আদি।