ডিজিটেল সংবাদ,শিলচৰ : পুত্ৰ সন্তান জন্ম দিব নোৱাৰা বাবেই স্বামীয়ে পত্নীক জ্বলাই হত্যা কৰা ঘটনা সংঘটিত হৈছে শিলচৰত। শিলচৰৰ আওলিয়া বজাৰ এলেকাৰ উত্তৰকৃষ্ণপুৰত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। উত্তৰকৃষ্ণপুৰৰ বাসিন্দা তথা তিনিটা সন্তানৰ পিতৃ ৰুকন উদ্দিন বৰভূঞাই তেঁওৰ পত্নীৰ গাত পেট্ৰ’ল ঢালি জ্বলাই দি হত্যাকাণ্ড সংঘটিত কৰে।
ইতিমধ্যে এই ঘটনাৰে অভিযুক্ত স্বামী ৰুকন উদ্দিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলি ভুক্তভোগীৰ পৰিয়ালে শিলচৰ সদৰ থানাত এটি গোচৰ ৰুজু কৰিছে। গোচৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে ৰুকন উদ্দিনক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।
মৃত মহিলাগৰাকীৰ পিতৃ-মাতৃয়ে অভিযোগ কৰা মতে, ২০২০ চনৰ ২৩ আগষ্টত আউলিয়া বজাৰৰ ৰুকন উদ্দিন বৰভূঞাৰ সৈতে সামাজিক ৰীতি-নীতিৰে বিয়া হৈছিল শিলচৰ মধুৰবন্দৰ কন্যাগৰাকী। বিয়াৰ এবছৰ পিছত ৰুকন উদ্দিনৰ পত্নীয়ে এটি কন্যা সন্তানৰ জন্ম দিয়ে।
এই কন্যা সন্তানৰ জন্মৰ পিছৰ পৰাই মহিলাগৰাকীৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছিল স্বামী ৰুকন উদ্দিনে। ইয়াৰ পিছত আৰু দুগৰাকী কন্যা সন্তানৰ জন্ম দিয়ে পত্নীয়ে। কন্যা সন্তান জন্ম হোৱাৰ পিছত স্বামী আৰু তেওঁৰ পৰিয়ালে মহিলাগৰাকীৰ ওপৰত অকথ্য নিৰ্যাতন চলায়।
অভিযোগ অনুসৰি পুত্ৰ সন্তান জন্ম নিদিয়া বাবেই পত্নীৰ ওপৰত শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলাইছিল স্বামী ৰুকন উদ্দিনে। ইয়াৰ মাজতে ৰুকন উদ্দিনে দ্বিতীয় বিবাহ কৰাব বুলিও তেওঁৰ মাক-দেউতাকে পত্নীক অৱগত কৰাত দ্বিতীয় বিবাহৰ প্ৰতি সন্মতি নিদিলে ভুক্তভোগী মহিলা তথা পত্নীয়ে।
ইয়াৰ পিচতে পত্নীৰ ওপৰত ৰুকন উদ্দিনৰে নিৰ্মমভাৱে অত্যাচাৰ চলাই আৰু এই অত্যাচাৰ চৰম সীমাত উপনীত হয়। ইয়াৰ মাজতে যোৱা মঙলবাৰে পুৱা ১০-০০ বজাত ৰুকন উদ্দিনৰ ঘৰৰ পৰা পত্নীগৰাকীৰ পিতৃৰ ওচৰলৈ খবৰ আহিল যে তেঁওৰ বিবাহিত কন্যা তথা ৰুকন উদ্দিনৰ পত্নীৰ গাত জুই লাগি অগ্নিদগ্ধ হোৱা বাবে তেঁওক শিলচৰ মেডিকেল কলেজ হাস্পতালৰ আই চি ইউত ভৰ্তি কৰা হৈছে।
এই খবৰ পোৱাৰ লগে লগে ভুক্তভোগী মহিলাগৰাকীৰ পিতৃ জামাল উদ্দিন লস্কৰ, পত্নী লাইলা বেগম লস্কৰ আৰু কন্যা নৌৰিন লস্কৰে শিলচৰ মেডিকেল কলেজ হাস্পতালত উপস্থিত হৈ দেখে যে তেঁওলোকৰ ডাঙৰ কন্যাৰ মৃত অৱস্থাত পৰি আছে। সেই সময়ত হাস্পতালত স্বামীৰ পৰিয়ালৰ কোনো এজন ব্যক্তিও উপস্থিত নাছিল বুলি অভিযোগ ভুক্তভোগী মহিলাগৰাকীৰ পৰিয়ালৰ।
ভুক্তভোগীৰ পিতৃ-মাতৃয়ে অভিযোগ কৰা মতে, তেঁওলোকৰ বিবাহিত ডাঙৰ কন্যা তথা ৰুকন উদ্দিনৰ পত্নীৰ শৰীৰত থকা ডেৰ লক্ষাধিক টকাৰ সোণৰ অলংকাৰো কোনোবাই চুৰি কৰি লৈ গৈছে। এতিয়া সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।