বন্ধ হৈ পৰিল ৬ নং ৰাষ্ট্ৰীয় ঘাইপথঃ বৰাক, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰাৰে যোগাযোগ বিচ্ছিন্ন...

বন্ধ হৈ পৰিল ৬ নং ৰাষ্ট্ৰীয় ঘাইপথঃ বৰাক, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰাৰে যোগাযোগ বিচ্ছিন্ন...

author-image
Asomiya Pratidin
New Update
বন্ধ হৈ পৰিল ৬ নং ৰাষ্ট্ৰীয় ঘাইপথঃ বৰাক, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰাৰে যোগাযোগ বিচ্ছিন্ন...

বন্ধ হৈ পৰিল ৬ নং ৰাষ্ট্ৰীয় ঘাইপথঃ বৰাক, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰাৰে যোগাযোগ বিচ্ছিন্ন...

ডিজিটেল সংবাদ শিলচৰঃ মেঘালয়ৰ সোনাপুৰত পুনৰ সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। শুকুৰবাৰে নিশাৰে পৰা হোৱা মূষুলধাৰ বৰষুণৰ ফলত সোনাপুৰত সংঘটিত হয় এই ভূমিস্খলন।

Advertisment

পাহাৰৰ পৰা নামি অহা বোকামাটিয়ে পুতি পেলাইছে সোনাপুৰ সুৰংগৰ সন্মুখ ভাগ। ফলত শনিবাৰে ৰাতিপুৱাৰে পৰা সম্পূৰ্ণ বন্ধ হৈ পৰে ৬ নম্বৰ শিলচৰ-বদৰপুৰ-শ্বিলং ৰাষ্ট্ৰীয় ঘাইপথ।

ফলত সুৰংগৰ দুয়ো ফালে আবদ্ধ হৈ পৰিছে শ শ‌ যানবাহন। সোনাপুৰৰ ভূমিস্খলনৰ ফলত বৰাক উপত্যকাসহ চুবুৰীয়া ৰাজ্য মিজোৰাম, মনিপুৰ আৰু ত্ৰিপুৰাৰ দেশৰ বাকী অংশৰ সৈতে স্থলপথেৰে যাতায়ত বিচ্ছিন্ন হৈ পৰিছে।

ইফালে, পথছোৱা মুকলি কৰিবলৈ মেঘালয়ৰ গড়কাপ্তানি বিভাগে যুদ্ধকালীন তৎপৰতাৰে কাম আৰম্ভ কৰিছে যদিও এতিয়ালৈকে পথছোৱা মুকলি কৰিব পৰা নাই। দিনৰ ভাগত পুনৰ প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ফলত গুৰুত্ত্বপূৰ্ন শিলচৰ-বদৰপুৰ -শ্বিলং ৬ নম্বৰ‌ ৰাষ্ট্ৰীয় ঘাইপথ ছোৱাৰে কেতিয়া যানবাহন চলাচল কৰিব, সেয়া অনিশ্চিত হৈ পৰিছে।

Also Read: বিশ্বনাথৰ ১ নং সাকোমঠা সমবায় সমিতিত ৭০০ কুইণ্টল কুইণ্টল চাউল কেলেংকাৰী

ভূমিস্খলন